প্ৰয়াত মাতৃক মনত পেলাই আৱেগিক হৈ পৰিল বিগ বছ ১৭ বিজয়ী মুনাৱাৰ ফাৰুকী

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:39 PM IST

thumbnail

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: বিগ বছ ১৭ৰ ঘৰত ১০৫ দিনীয়া যাত্ৰাৰ অন্তত ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ মুনাৱাৰে ট্ৰফী, ৫০ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু এখন বাহনো লাভ কৰে । বিগ বছৰ ১৭ৰ গ্ৰেণ্ড ফিনালেৰ পিচত মুনাৱাৰে অনুৰাগীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে, তেওঁৰ জয়ত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয় । অৱশ্যে এই সময়চোৱাত মুনাৱাৰক কিছু আবেগিক হৈ পৰা দেখা যায় ৷ আচলতে এই সুখৰ সময়ত মাতৃলৈ মনত পৰে মুনাৱাৰৰ ।

উল্লেখ্য যে, মাত্ৰ ১৩ বছৰ বয়সতে মুনাৱাৰে নিজৰ মাতৃক হেৰুৱাইছিল ৷ সেয়েহে, এই সময়চোৱাত মাতৃৰ কথা মনত পেলাই আবেগিক হৈ পৰে কমেডিয়ানগৰাকীয়ে ৷ মাতৃৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত হিন্দী ভাষাত মুনাৱাৰে কয়, "মা কি দুয়া মুঝে হামেশা লগতি হে । মঞ্চ পে কেহনা চাহতা থা পৰ নাহি কেহ পায়া । তু সাথ না মা, পাৰ সাথ তেৰে ছায়া থা । ৱহ তোড়নে আয়ে থে মেৰা মিট্টি কা মহল । লেকিন বেটা মুমতাজ কা, ইনকা তাজ ছিননে আয়া থা ।"

লগতে পঢ়ক: বিগ বছ ১৭ৰ বিজয়ীৰ খিতাপ দখল মুনাৱাৰ ফাৰুকীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.