ETV Bharat / entertainment

বিগ বছ ১৭ৰ বিজয়ীৰ খিতাপ দখল মুনাৱাৰ ফাৰুকীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:47 AM IST

Bigg Boss 17 Winner: যিটো মুহূৰ্তৰ বাবে বিগ বছৰ অনুৰাগীসকলে বহুদিন ধৰি অপেক্ষা কৰি আছিল, অৱশেষত আহিল সেই মুহূৰ্ত । তিনিমাহৰ দীঘলীয়া যাত্ৰাৰ অন্তত ঘোষণা কৰা হ’ল বিগ বছ ১৭ৰ বিজয়ীৰ নাম । বিগ বছ ১৭ৰ বিজয়ী হ’ল মুনাৱাৰ ফাৰুকী ।

'Trophy Dongri Aa Hi Gayi': Munawar Faruqui Shares First Post after Winning Bigg Boss 17
বিগ বছ ১৭ ৰ বিজয়ী

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: অৱশেষত বিগ বছৰ অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল ৷ তিনিমাহৰ পাচত ঘোষণা হ’ল বিগ বছ ১৭ৰ বিজয়ীৰ নাম । টিভিৰ বোৱাৰী অংকিতা লোখাণ্ডেক পৰাস্ত কৰি বিগ বছ ১৭ৰ বিজয়ীৰ খিতাপ দখল কৰিলে পৰিছে মুনাৱাৰ ফাৰুকীয়ে । বিগ বছ ১৭ বিজয়ীৰ নাম ঘোষণা কৰে ছলমান খানে । ট্ৰফীৰ সমান্তৰালকৈ মুনাৱাৰে লাভ কৰে ৫০ লাখ টকাৰ পুৰস্কাৰ ধন । ইয়াৰ লগতে তেওঁ হুণ্ডাইৰ নতুন ক্ৰেটা গাড়ীও লাভ কৰে ।

এই সুখ মুনাৱাৰ ফাৰুকীৰ বাবে আছিল দুগুণ, কাৰণ বিগ বছৰ বিজয়ীৰ নাম ঘোষণা কৰাৰ দিনটো আছিল মুনাৱাৰৰ জন্মদিন ৷ অৰ্থাৎ ২৮ জানুৱাৰীত বিগ বছ ফিনালেৰ লগতে আছিল মুনাৱাৰৰ জন্মদিনো । এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিষেক কুমাৰ হৈছে এই শ্ব’টোৰ প্ৰথম ৰানাৰ্ছ আপ ।

শেষ মুহূৰ্তত আবেগিক হৈ পৰিল মুনাৱাৰ-অভিষেক

বিগ বছে যেতিয়া শেষবাৰৰ বাবে মুনাৱাৰ আৰু অভিষেকৰ সৈতে কথা পাতিছিল, দুয়োজনেই সেই সময়চোৱাত আৱেগিক হৈ পৰিছিল । বিগ বছৰ লগত কথা পাতি চকুলো বৈ আহে মুনাৱাৰ আৰু অভিষেকৰ । এই সময়চোৱাত অভিষেকৰ পিতৃকো আবেগিক হৈ পৰা দেখা গৈছিল । ইয়াৰ পিচত শেষ মুহূৰ্তত অভিষেকে বিগ বছৰ ওচৰত ক্ষমা খোজে । ইফালে মুনাৱাৰেও বিগ বছক তেওঁক এজন ভাল মানুহ হোৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায় ।

উল্লেখ্য যে, বিগ বছ টপ ২ ঘোষণাৰ পিচত ভোটিং লাইন ১০ মিনিটৰ বাবে খোলা হৈছিল আৰু অনুৰাগীয়ে মুনাৱাৰক ব্যাপক হাৰত ভোট দিয়ে ।

শ্ব'টোত দেখা গৈছিল মুনাৱাৰ আৰু অভিষেকৰ বন্ধুত্ব

শ্ব’টোত অভিষেক আৰু মুনাৱাৰৰ মাজত এটা ভাল বন্ধুত্ব দেখা গৈছিল । শ্ব’টোত যেতিয়া মুনাৱাৰ মানসিকভাৱে ভাঙি পৰিছিল, তেতিয়া অভিষেক একমাত্ৰ আছিল যিয়ে মুনাৱাৰক সহানুভূতি দিছিল । অভিষেক তেওঁৰ সমৰ্থনত থিয় দিছিল । শ্ব’টোৰ শেষলৈকে মুনাৱাৰ আৰু অভিষেকৰ বন্ধুত্ব গভীৰ হৈ পৰিছিল ।

শ্ব’টোৰ শীৰ্ষত আছিল ৫ গৰাকী প্ৰতিযোগী

শীৰ্ষ ৫ গৰাকী হৈছে মুনাৱাৰ ফাৰুকী, অংকিতা লোখাণ্ডে, অভিষেক কুমাৰ, মান্নাৰা চোপ্ৰা আৰু অৰুণ মহাশ্বেট্টী । শীৰ্ষ ৫ ৰ পৰা ওলাই অহা প্ৰথমজন প্ৰতিযোগী আছিল অৰুণ মহাশ্বেট্টী । ইয়াৰ পিচত বিজয়ীৰ দৌৰৰ পৰা বাহিৰ হৈছিল অংকিতা লোখাণ্ডে । মান্নাৰা চোপ্ৰাই শীৰ্ষ ৩ স্থানত স্থান লাভ কৰে । অৱশ্যে মান্নাৰা চোপ্ৰা শীৰ্ষ ২ ৰ অংশ হ’ব নোৱাৰিলে ।

শ্ব’ৰ বিজয়ীৰ হোৱাৰ পাচত মুনাৱাৰৰ প্ৰথমটো পোষ্ট

বিগ বছ ১৭ ৰ বিজয়ী হোৱাৰ পাচত ছ’চিয়েল মিডিয়াত মুনাৱাৰে শ্বেয়াৰ কৰিলে প্ৰথমটো পোষ্ট ৷ ছলমান খানৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি মুনাৱাৰে লিখিছে, ‘‘ বহুত বহুত ধন্যবাদ ধন্যবাদ বন্ধুসকল ৷ অৱশেষত আপোনালোকৰ মৰম আৰু সহায়ৰ বাবে ট্ৰফী ডংৰীলৈ আহিল ৷’’

বিগ বছ ১৭ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

বিগ বছ ১৭ৰ কথা ক’বলৈ গ’লে ১৫ অক্টোবৰত এই শ্ব’টোৰ প্ৰিমিয়াৰ হৈছিল । এইবাৰ শ্ব’টোৰ থিম আছিল হৃদয়, মন আৰু শক্তি । বিগ বছে তিনিটা বেলেগ বেলেগ ঘৰ সাজিছিল, যাৰ নাম আছিল দিল-ডিমাগ আৰু ডম । পৰিয়ালৰ লোকক তিনিটা কোঠাত বিভক্ত কৰা হৈছিল । প্ৰথম কেইসপ্তাহমান ঘৰটো ডিমাগ পৰিয়ালে চলাইছিল । সকলো প্ৰতিযোগীয়ে শ্ব’টোত নিজৰ শ্ৰেষ্ঠখিনি আগবঢ়াইছিল । এইবাৰ শ্ব’টোৱে খেলতকৈ প্ৰতিযোগীসকলৰ ব্যক্তিগত জীৱনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল ।

লগতে পঢ়ক: বিগ বছৰ পৰা বাহিৰ হৈয়েই এইগৰাকী অভিনেত্ৰীৰ সৈতে নাম সাঙোৰ খালে অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.