ETV Bharat / entertainment

বিগ বছৰ পৰা বাহিৰ হৈয়েই এইগৰাকী অভিনেত্ৰীৰ সৈতে নাম সাঙোৰ খালে অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈনৰ

Vicky Jain News: সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিগ বছ ১৭ৰ ফিনালেৰ বাবে । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে শীৰ্ষ ৫ ৰ ভিতৰত কোনে শীৰ্ষ ৩ ত উপনীত হ’ব । একে সময়তে শ্ব’টোৰ বাহিৰত থকা বিকি জৈনে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে । এইবাৰ তেওঁৰ এখন ছবিয়ে অনুৰাগীৰ মাজৰ চৰ্চাৰ সৃষ্টি কৰিছে ৷

Bigg boss 17 Ankita Lokhande's husband Vicky jain name linked with this actress
বিগ বছৰ পৰা বাহিৰ হৈয়েই এইগৰাকী অভিনেত্ৰীৰ সৈতে নাম সাঙোৰ খালে অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈনৰ
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 1:10 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 27 জানুৱাৰী: বিগ বছ ১৭ৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈন বৰ্তমান খুবেই চৰ্চাত আছে ৷ শ্ব’টোত থাকি নিজৰ এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে বিকি জৈনে ৷ বিগ বছৰ খেলখনত তেওঁ নিজৰ ভাল প্ৰদৰ্শন দেখুওৱাবলৈও সক্ষম হৈছিল ৷ শ্ব’টোৰ পৰা ওলাই অহাৰ পিছত বিকিৰ অনুৰাগীসকল অতিশয় হতাশ হৈ পৰিছিল ৷ কাৰণ সকলোৱে বিশ্বাস কৰে যে তেওঁ শ্ব’টোত শীৰ্ষ ৫ৰ ভিতৰত থকাৰ যোগ্য আছিল ৷ বাৰু, এতিয়া বিকি জৈন বিগ বছৰ ঘৰৰ বাহিৰত আৰু তেওঁক ফুল পাৰ্টি মোডত দেখা গৈছে ৷

বিকি জৈনে শ্ব’টোৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ সেই কামটো কৰিলে যিটো কাম অংকিতা লোখাণ্ডেই ওলাই অহাৰ আগতে বিকিক নকৰিবলৈ কৈছিল ৷ চাবলৈ গ’লে শ্ব’টোতো একেই হোৱা দেখা গ’ল, অংকিতাই স্বামীক যি কৰিবলৈ বাধা প্ৰদান কৰিছিল তৎস্বত্বেও বিকিয়েও সেই কাম কৰিছিল ৷ স্পষ্টকৈ ক’বলৈ গ’লে অংকিতাই বাহিৰলৈ ওলাই যোৱাৰ পিছত বিকিক পাৰ্টি নকৰিবলৈ কৈছিল ৷ কিন্তু বিগত কেইদিনমানৰ পৰা ছচিয়েল মিডিয়াত বিকি আৰু তেওঁৰ পাৰ্টিৰ ছবি যথেষ্ট ভাইৰেল হৈ পৰিছে ৷

বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীসকলৰ লগতে বিকিয়ে বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰিছে ৷ কিন্তু তাৰ মাজতে ভাইৰেল হোৱা এখন ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অংকিতাৰ স্বামীক এগৰাকী অভিনেত্ৰীৰ নামৰ সৈতে সংযোগ কৰিবলৈ আৰম্ভ কৰিছে ৷ দৰাচলতে পাৰ্টিত বিকিয়ে অভিনেত্ৰী তথা ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ পূৰ্বা ৰাণাৰ সৈতে আলিংগন কৰি থকা এখন ছবি ক্লিক কৰা দেখা যায় ৷

এই ছবিখন প্ৰকাশ পোৱাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিকি জৈনক বৰ্তমান বহুত ট্ৰ’ল কৰি আছে ৷ এজন ব্যৱহাৰকাৰীয়ে কয় যে, বিকি ভাইয়াই আগতে অংকিতাক বেয়া ব্যৱহাৰ কৰিছিল ৷ এজনে লিখিছে, হাজাৰ শত্ৰু হ’লেও বিকিৰ দৰে স্বামী পাব নালাগে ৷ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, স্ক্ৰীণশ্বট লৈ লোৱা অংকিতালৈ পঠাব লাগিব ৷ অৱশ্যে পূৰ্বা ৰাণাই বিকি আৰু অংকিতা দুয়োৰে বন্ধু বুলি মন্তব্য কৰি নিজৰ পোষ্টটো স্পষ্ট কৰি দিছে ৷ কিন্তু তাৰ পিছতো এই ছবিখনে দৰ্শকৰ মাজত এক চৰ্চাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে চিৰঞ্জীৱীয়ে