ETV Bharat / entertainment

পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে চিৰঞ্জীৱীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 3:23 PM IST

Chiranjeevi on Padma Vibhushan: বৃহস্পতিবাৰে ঘোষণা কৰা হয় পদ্ম বঁটা ২০২৪ । এইবাৰ পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হ’ব দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীক ৷ এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে অভিনেতাগৰাকীয়ে ।

Humbled, Grateful for this Honour: Chiranjeevi on Being Conferred with Padma Vibhushan - watch
চিৰঞ্জীৱীলৈ পদ্ম বিভূষণ সন্মান

চিটাৰা ডেস্ক, 26 জানুৱাৰী: গণৰাজ্য দিৱসৰ মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে ঘোষণা কৰা হয় পদ্ম বঁটা ২০২৪ । এইবাৰ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে ১৩২ গৰাকী ব্যক্তিক । ইয়াৰে মনোৰঞ্জন জগতৰ পৰা প্ৰবীণ অভিনেত্ৰী বৈজয়ন্তী মালা আৰু দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীক ‘পদ্ম বিভূষণ’ৰে সন্মানিত কৰা হ’ব । দেশৰ দ্বিতীয় সৰ্বোচ্চ বঁটা ‘পদ্ম বিভূষণ’ৰে সন্মানিত হোৱাৰ ঘোষণাৰ পিচতে চিৰঞ্জীৱীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই অভিনেতাগৰাকীয়ে কয় যে তেওঁ অতি কম কাম কৰিছে আৰু তথাপিও তেওঁক ইমান ডাঙৰ সন্মান দিয়া হৈছে । পদ্ম বিভূষণ বঁটা লাভ কৰাৰ পিচত চিৰঞ্জীৱীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি সকলোকে ধন্যবাদ জনায় ।

ভিডিঅ’টোত চিৰঞ্জীৱীয়ে কয়, ‘‘এই খবৰটো শুনি মই বাকৰুদ্ধ হৈ পৰিলোঁ । মই সঁচাকৈয়ে আপ্লুত, নম্ৰ আৰু কৃতজ্ঞ । এয়া কেৱল দৰ্শক, মোৰ বন্ধু-বান্ধৱী, মোৰ প্ৰকৃত ভাই-ভনীৰ নিঃচৰ্ত মৰম । এই জীৱনৰ বাবে মই ঋণী । মই সদায় সকলো ধৰণেৰে মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছো ৷ কিন্তু, এয়া যথেষ্ট নহয় । পৰ্দাত মোৰ কেৰিয়াৰৰ যোৱা ৪৫ বছৰত মই মোৰ সামৰ্থ্য অনুসৰি আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছো । প্ৰাসংগিক সামাজিক আৰু মানৱীয় কামত অংশগ্ৰহণ কৰি আৰ্তজনক সহায় কৰিবলৈ চেষ্টা কৰিছো ।’’

ইয়াৰ পিচত চিৰঞ্জীৱীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, ‘‘মই অতি কম কাম কৰিছো । তথাপিও আপোনালোকে মোক ইমান সন্মান দিছে । আপোনালোকৰ মৰম আৰু সহায়ৰ বাবে মই সদায় আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম । এই গৌৰৱৰ মুহূৰ্তত মই চৰকাৰ আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'পদ্ম বিভূষণ' লাভ কৰাৰ বাবে ধন্যবাদ জনাইছো । ধন্যবাদ, জয় হিন্দ ।’’

লগতে পঢ়ক: হেমা মালিনী-ছাইৰা বানুৱে বৈজয়ন্তী মালাক জনালে অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.