ধৰ্ষণৰ অপচেষ্টা চলাই আৰক্ষীৰ জালত চৰকাৰী গাঁও প্ৰধান

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 4:37 PM IST

thumbnail

মিৰ্জা, 26 জানুৱাৰী : মহিলাৰ শ্নীলতা হানিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল চৰকাৰী গাঁওবুঢ়া ৷ প্ৰমাণপত্ৰ বিচাৰি অহা মহিলাক ধৰ্ষণৰ অপচেষ্টা চলাই আজাৰা আৰক্ষীৰ জালত চৰকাৰী গাঁও প্ৰধান ৷  

জানিব পৰা মতে এগৰাকী মহিলাক নিজৰ কোঠালীত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় মহানগৰীৰ ধাৰাপুৰৰ চৰকাৰী গাঁওবুঢ়া ধৰ্মকান্ত কলিতা ৷ ঘটনা তথা এজাহাৰ অনুসৰি ধাৰাপুৰৰ গাঁওবুঢ়া ধৰ্মকান্ত কলিতাৰ ঘৰলৈ নিজ পুত্ৰৰ বিদ্যালয়ত নাম ভৰ্তিৰ বাবে প্ৰমাণপত্ৰ বিচাৰি এগৰাকী মহিলা গৈছিল ৷ মহিলাগৰাকীক বাৰাণ্ডাত বহিবলৈ নিদি অজুহাত দেখুৱাই কোঠালীলৈ মাতি নিয়ে গাঁওবুঢ়া ধৰ্মকান্তই ৷

ইয়াৰ পিছতেই কোঠালীৰ দুৱাৰ বন্ধ কৰি ধৰ্ষণৰ অপচেষ্টা চলোৱা বুলি অভিযোগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধাৰাপুৰৰ চৰকাৰী গাঁও প্ৰধান ধৰ্মকান্ত কলিতাক ৷ 

লগতে পঢ়ক : নিজ গৃহতেই দুৰ্বৃত্তই হত্যা কৰিলে 81 বছৰীয়া বৃদ্ধক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.