ETV Bharat / state

নিজ গৃহতেই দুৰ্বৃত্তই হত্যা কৰিলে 81 বছৰীয়া বৃদ্ধক

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 7:12 AM IST

Suspicious death in Golaghat : কোঠাৰ ভিতৰত চকুত কাপোৰ বান্ধি হত্যা 81 বছৰীয়া এগৰাকী বৃদ্ধক ৷ গোলাঘাট জিলাৰ বাদুলিপাৰ বুঢ়াগাঁৱত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডটো ৷ CID ৰ নমুনা সংগ্ৰহ ৷ ৰহস্যৰ আৱৰ্তত সমগ্ৰ হত্যাকাণ্ডটো ৷

Suspicious death in Golaghat ৃ
গোলাঘাট জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা

গোলাঘাট, 26 জানুৱাৰী : গোলাঘাট জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ জিলাখনৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰৰ বুঢ়াগাঁৱত 23 জানুৱাৰীৰ নিশা সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো । বাদুলিপাৰ বুঢ়াগাঁৱৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী কোষেশ্বৰ গগৈক কোনো দুৰ্বৃত্তই নিজ গৃহৰ কোঠাৰ ভিতৰত চকুত কাপোৰ বান্ধি হত্যা কৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বাদুলিপাৰৰ বুঢ়াগাঁৱস্থিত ঘৰটোত অকলে বাস কৰিছিল 81 বছৰীয়া বৃদ্ধগৰাকী ৷ পিতৃক কেবাবাৰো ফোন কৰাৰ পিচতো কোনো সঁহাৰি নোপোৱাত মৃত গগৈৰ বিবাহিত কন্যাই সমীপতে থকা পৰিয়ালৰ আন লোকক অৱগত কৰে ৷ তাৰ পাচত পৰিয়ালৰ লোকে গগৈক এটা কোঠাৰ মজিয়াত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত স্থানীয় লোকে দেৰগাঁও আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচত দেৰগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে ।

আনহাতে, 24 জানুৱাৰীৰ দিনা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকী ঘটনাস্থলী পৰিদৰ্শন কৰি নিশাই স্নিফাৰ ড'গৰ যোগেদি ঘটনাৰ তদন্ত চলাইছিল যদিও আৰক্ষী সফল হ'ব পৰা নাছিল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য লাভ কৰিছিল জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে । বৃহস্পতিবাৰে পুনৰ গুৱাহাটীৰ পৰা অহা এটি CID ৰ দলে মৃত কোষেশ্বৰ গগৈৰ বাসগৃহৰ পৰা কেতবোৰ নমুনা সংগ্ৰহ কৰে ।

Suspicious death in Golaghat
মৃত কোষেশ্বৰ গগৈ

উল্লেখ্য যে, যোৱা মঙলবাৰে গোলাঘাট জিলাৰ বাদুলিপাৰ বুঢ়াগাঁৱত সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ডৰ ঘটনাটো । ঘৰৰ ভিতৰত চকু বান্ধি 81 বছৰীয়া বৃদ্ধাগৰাকীক হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছে । যাৰ পাচৰে পৰা তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটোত । সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উচিত শান্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.