৬ এপ্ৰিলত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:46 PM IST

thumbnail

হোজাই,২৯ মাৰ্চ: অহা ৬ এপ্ৰিলত হোজাইৰ সদৰ শংকৰদেৱ নগৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । এই কথা সদৰী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । আজি হোজাই জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।      

কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে লখিমপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ এখন প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিব বুলি কয় ৰাজ্যিক সভাপতিগৰাকীয়ে । উক্ত সভাৰ প্ৰস্তুতিৰ বাবে জিলা বিজেপি কাৰ্যালয়ত হোজাই জিলাৰ দলীয় সতীৰ্থ সকলৰ লগত আলোচনাত মিলিত হয় ।

লগতে পঢ়ক:বিজেপিৰ কাম-কাজৰ প্ৰতি লক্ষ্য কৰাৰ বিপৰীতে কংগ্ৰেছে আত্মপৰ্যালোচনা কৰা উচিত : ভৱেশ কলিতা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.