বিজেপিৰ কাম-কাজৰ প্ৰতি লক্ষ্য কৰাৰ বিপৰীতে কংগ্ৰেছে আত্মপৰ্যালোচনা কৰা উচিত : ভৱেশ কলিতা - Lok sabha Election 2024
Lok sabha Election 2024: কংগ্ৰেছক পুৰণি দুটকীয়া নোটৰ সৈতে তুলনা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ এন পি এছ আৰু অ'পিএছ সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো সমালোচনা কলিতাৰ ৷

Published : March 29, 2024 at 11:29 AM IST
ৰঙিয়া, 29 এপ্ৰিল: চাৰি এপ্ৰিলত প্ৰায় চল্লিশ হাজাৰ কৰ্মকৰ্তা সহিতে মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াই । মনোনয়ন পত্ৰ দাখিল কৰিবৰ সময়ত দিলীপ শইকীয়াক সংগ দিব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও বিধায়ক তথা দলীয় কৰ্মকৰ্তাই । ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এই কথা সদৰী কৰিলে দিলীপ শইকীয়াই ।
আনহাতে, বিৰোধী দলৰ শক্তিৰ বিষয়ে ক’বলৈ গৈ বিজেপিৰ জেষ্ঠ নেতাগৰাকীয়ে কয়, "বৰ্তমান বিৰোধী দল যথেষ্ট দুৰ্বল অৱস্থাত আছে । তথাপিও বিৰোধীক সহজভাৱে নলৈ বিজেপি তথা মিত্ৰ দলে অসমত চৈধ্যখন আসনতেই জয়লাভৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলাব । ইফালে দলীয় প্ৰচাৰ সম্পৰ্কে ক’বলৈ গৈ সদায় বহু কেইখন সভাত ভাষণ দিবলগীয়া হোৱা বাবে মাতটো ভালদৰে ৰখাটো বৰ্তমান কঠিন হৈ পৰিছে বুলি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে ।
ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এন পি এছ আৰু অ'পিএছ সম্পৰ্কে কৰা মন্তব্যৰ পিচত তেওঁক ওভতি ধৰি ভৱেশ কলিতাই কয়, "ভূপেন বৰাই বৰ্তমান এইবোৰ বিষয়ত মন্তব্য কৰিব নোৱাৰে । তেনে কৰিলে ভূপেন বৰাই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হ’ব ।"
কংগ্ৰেছক পুৰণি দুটকীয়া নোটৰ সৈতে তুলনা কৰি কলিতাই কয়, "কেন্দ্ৰ আৰু ৰাজ্যত ইমান বছৰ শাসনৰ গাদীত থকাৰ পিচতো কিয় দলটোৱে বিশেষ একো কৰিব নোৱাৰিলে । এতিয়া বিজেপিয়ে কি কৰিছে বা কৰা নাই সেইটো লক্ষ্য কৰি থকাৰ সলনি কংগ্ৰেছে আত্মপৰ্যালোচনা কৰা উচিত ।"
লগতে পঢ়ক: মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত ! - Lok sabha Elections 2024

