কিশোৰীক অপহৰণ কৰি ধৰ্ষণৰ চেষ্টা চলোৱা দুই যুৱকক গ্ৰেপ্তাৰ - YOUTH ARRESTED

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 8:49 PM IST

thumbnail

গুৱাহাটী,২৭ মাৰ্চ: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণকাণ্ড । জনকপুৰৰ পৰা দিন-দুপৰতে অপহৰণ কৰা হয় এগৰাকী কিশোৰীক । জনকপুৰৰ সাংবাদিক কলনীত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে মঙলবাৰৰ দিনটোতে সংঘটিত হৈছিল এই ঘটনা । হোলী খেলাৰ চলেৰে তিনি কিশোৰীক ইন'ভা গাড়ীত উঠাই নিছিল তিনি যুৱকে । পৰৱৰ্তী সময়ত নিচাজাতীয় দ্ৰব্য সেৱন কৰাই দুগৰাকী কিশোৰীৰ সন্মুখতে এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলাই দুজন যুৱকে । আন দুগৰাকী কিশোৰীয়েও তিনি যুৱকক সহযোগ কৰি ধৰ্ষণৰ দৃশ্য বন্দী কৰিছিল ম'বাইলত ৷  

তাৰ পিচতেই কিশোৰীগৰাকীক পেলাই থৈ গৈছিল কাহিলীপাৰাৰ ঘৰৰ সন্মুখত । এই ঘটনাৰ পিচতে ভগদত্তপুৰ আৰক্ষী চকীয়ে অভিযান চলাই কিশোৰী অপহৰণকাণ্ডত জড়িত দুই যুৱকক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে দিছপুৰ আৰক্ষী থানালৈ । লগতে ঘটনা সংঘটিত কৰা ইন'ভা বাহনখনো ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা দুই যুৱকৰ নাম ৰাজু আলী আৰু মণ্ডল আলী বুলি জানিব পৰা গৈছে । ৰহস্যজনকভাৱে বৰ্তমানেও পলাতক হৈ আছে সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড ইনামূল আলী ।  

লগতে পঢ়ক: চিকিৎসালয়ৰ পৰাই পলাল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী - Prisoner Escapes In Tezpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.