পথেৰে গৈ থাকোতেই তীব্ৰবেগী বাহনে মহতিয়ালে দুগৰাকী নাৰ্ছক

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 6:07 PM IST

thumbnail

মৰাণ, 7 ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ মৰাণত অঘটন ৷ পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনাৰ ঘটনা । বুধবাৰে মৰাণৰ মাজমজিয়াত এখন তীব্ৰবেগী গাড়ীৰ খুন্দাত উফৰি পৰিল দুগৰাকীকৈ নাৰ্ছ । 

মৰাণ নগৰৰ বিশাল মেগামাৰ্টৰ সন্মুখত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে নাৰ্ছ দুগৰাকী ৷ নাৰ্ছ দুগৰাকী টিংখাঙৰ বিমলা বিশ্বকৰ্মা (৩৮) আৰু যোৰহাটৰ বীনাপাণি গগৈ (২৫) বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী নাৰ্ছ মৰাণ মেডিকেল চেন্টাৰত কৰ্তব্য সম্পন্ন কৰি খোজকাঢ়ি গৈ থাকোঁতে মৰাণ অভিমুখী এখন টাটা ডিআই গাড়ীয়ে মহতিয়াই নিয়ে ৷ 

আহত দুয়োগৰাকী নাৰ্ছকে ততাতৈয়াকৈ মৰাণ মেডিকেল চেন্টাৰত ভৰ্তি কৰা হয় ৷ এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিছে মৰাণ আৰক্ষীয়ে ৷

লগতে পঢ়ক: দেৰগাঁও বাছ দুৰ্ঘটনা: ভুক্তভোগী পৰিয়াললৈ সাহায্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.