ETV Bharat / state

দেৰগাঁও বাছ দুৰ্ঘটনা: ভুক্তভোগী পৰিয়াললৈ সাহায্য

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 9:06 PM IST

Dergaon bus accident: জানুৱাৰী মাহত দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনা নিহত হোৱা ১১গৰাকী লোকৰ পৰিয়ালৰ কাষত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ।

cm visits dergaon bus accident victims family to offer financial help
ভুক্তভোগী পৰিয়াললৈ সাহায্য
মুখ্যমন্ত্ৰীৰ মন্তব্য

গোলাঘাট, 23 জানুৱাৰী : বছৰটোৰ আৰম্ভণিতেই সংঘটিত হৈছিল এটা অনাকাংক্ষিত ঘটনা ৷ সমগ্ৰ অসমতে পৰিছিল শোকৰ ছাঁ ৷ শিহৰণকাৰী পথ দুৰ্ঘটনা এটাই কাঢ়ি লৈ গ’ল 11 গৰাকীকৈ লোকৰ জীৱন ৷ দেৰগাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ হুৱাদুৱা লাগিছিল চাৰিওফালে ৷ কয়লাভৰ্তি ট্ৰাক আৰু এখন পিকনিকলৈ বুলি পুৱাই ওলাই যোৱা বাছৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ ৷ একেদিনাই জ্বলিছিল 11 খনকৈ চিতা ৷ সেইসকলৰ কাষত আজি থিয় দিছে মুখ্যমন্ত্ৰী ৷

গোলাঘাটৰ বছা ভৰলোৱা গাঁৱৰ ঘটনা আছিল এইটো ৷ উক্ত গাঁওখনৰ চিকিৎসাধীনসকলৰ স্বাস্থ্যৰ বুজলবলৈ আজি গোলাঘাট জিলাৰ বছা ভৰলোৱা গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে, যোৱা ৩ জানুৱাৰীত পুৱা কমাৰ বন্ধা বছা ভৰলোৱাৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ ফালে পিকনিক খাবলৈ বুলি গৈ থকা অৱস্থাত এখন আল্ট্ৰা বাছ আৰু এখন কয়লাভৰ্তি ট্ৰাকৰ মাজত দেৰগাঁৱত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত বছা ভৰলোৱা গাঁৱৰ ১১গৰাকীকৈ লোকৰ একেলগে মৃত্যু হৈছিল আৰু আহত হৈছিল বহু কেইজন লোক ।

আজি মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই বছা ভৰলোৱা গাঁওখনত উপস্থিত হৈ ১১গৰাকী মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্ত চিকিৎসাধীনসকলৰ স্বাস্থ্যৰ বুজ লয় । মুখ্যমন্ত্ৰীয়ে আজি গাঁওখনত উপস্থিত হৈ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা মৃতকৰ পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আঢ়ৈলাখ টকা আৰু আহত হোৱা সকলৰ পৰিয়ালৰ লোকলৈ ৫০ হাজাৰ টকাৰ সাহায্য চেক প্ৰদান কৰে ।

লগতে পঢ়ক : চাবুৱাত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.