বাক্সাত গ্ৰাম্যাঞ্চলৰ মহিলাক থলুৱা সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ - বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰ

🎬 Watch Now: Feature Video

thumbnail
বাক্সাত গ্ৰাম্যাঞ্চলৰ মহিলাক থলুৱা সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ (undefined)

By ETV Bharat Assamese Team

Published : February 4, 2024 at 7:15 AM IST

1 Min Read
Choose ETV Bharat

বাক্সা, 4 ফেব্ৰুৱাৰী : বাক্সা জিলাৰ বৰমাৰ খাৰুৱা নাৰিকল গৱেষণা কেন্দ্ৰত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু নাৰিকল উন্নয়ন বৰ্ডৰ উদ্যোগত পাঁচদিনীয়াকৈ মহিলা উদ্যোগীকৰণ আৰু থলুৱা পেলনীয়া সামগ্ৰীৰ ওপৰত এক প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱা হয়  ৷ এই অনুষ্ঠানত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ৰক্তিম বৰুৱা উপস্থিত থাকে ৷ 

বৰুৱাই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে আজিকালি গাঁৱে-ভূঞে থকা পেলনীয়া সামগ্ৰীবোৰৰ বাহিৰৰ বজাৰত চাহিদা বহুত বেছি ৷ আমাৰ গাঁওসমূহত সহজতে উপলব্ধ নাৰিকলৰ কোৰোকা আৰু বাকলিৰেও যে বিভিন্ন বস্তু তৈয়াৰ কৰি লাভবান হ’ব পাৰি ৷ 

এই প্ৰশিক্ষণত বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা 15 গৰাকী মহিলাক নাৰিকলৰ কোৰোকা, বাকলিৰ পৰা প্লেট, বাতি, বানবাতি, চুলিত মাৰা ক্লিপ, ফুল-ফুলদানি আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ৷ এই অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অম্লান দাস ।

লগতে পঢ়ক : সৰুপথাৰত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা সভা

ABOUT THE AUTHOR

...view details