ETV Bharat / state

সৰুপথাৰত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 5:06 PM IST

World Cancer Day: কৰ্কট ৰোগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে সজাগতা বিয়পাই দিয়াৰ লগতে ইয়াক নিৰ্মূলৰ বাবে প্ৰচেষ্টা চলাবলৈ মানুহক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত পালন কৰা হয় বিশ্ব কৰ্কট ৰোগ দিৱস । বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি সৰুপথাৰত অনুষ্ঠিত কৰা হয় কৰ্কট ৰোগৰ সজাগতা সভা ।

Awareness meeting on World Cancer Day at Sarupathar
সৰুপথাৰত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা সভা
সৰুপথাৰত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা সভা

সৰুপথাৰ,৩ ফেব্ৰুৱাৰী: ৪ ফ্ৰেব্ৰুৱাৰী বিশ্ব কৰ্কট দিৱস । ২০০০ চনৰে পৰা সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব কৰ্কট দিৱস । সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত গোলাঘাট জিলা স্বাস্থ্য সেৱা সমিতি আৰু সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বিশ্ব কৰ্কট দিৱস উপলক্ষে সৰুপথাৰত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভা ।

শনিবাৰে বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ত কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা সভাৰ লগতে সজাগতা ৰেলী বাহিৰ কৰে । সম্প্ৰতি সময়ত ভাৰতবৰ্ষৰ এক মাৰাত্মক ৰোগ হৈছে কৰ্কট ৰোগ । এই ৰোগ প্ৰতিৰোধৰ বাবে অথবা কিদৰে এই ৰোগৰ চিকিৎসা কিদৰে কৰিব পাৰি সেই সন্দৰ্ভত বিশদভাৱে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়া হয় ।

ইয়াৰোপৰি স্বাস্থ্য বিভাগৰ যোগেদি শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও বিনামূলীয়া পৰীক্ষা কৰা হয় । কৰ্কট ৰোগ কি, কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি, টিউমাৰ কি, টিউমাৰ কেইপ্ৰকাৰৰ, কেনেদৰে স্বাস্থ্যৰ যতন লব লাগে, কেনেদৰে কৰ্কট ৰোগৰ পৰা বাচি থাকিব পৰা যাব সেই সম্পৰ্কে স্বাস্থ্য বিভাগৰ দলটিয়ে সজাগতামূলক বক্তৃতা প্ৰদান কৰাৰ লগতে ছবিসহ তাৰ বৰ্ণনা কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ লগতে সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়াকল । উল্লেখ্য, বিশ্ব কৰ্কট দিৱসৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ ওপৰত সজাগতা বৃদ্ধি কৰা । লগতে সমূহীয়া স্বাস্থ্যৰ মানদণ্ডৰ যত্ন, স্ক্ৰীণিং, আগতীয়া চিনাক্তকৰণ, চিকিৎসা আৰু উপশমকাৰী যত্নৰ বিষয়বোৰ উন্নত কৰাৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা ।

লগতে পঢ়ক: হৰি নামৰ ধ্বনিৰে মুখৰিত দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.