ETV Bharat / state

হৰি নামৰ ধ্বনিৰে মুখৰিত দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:24 PM IST

Srimanta Sankardev Samaj Assam
হৰি নামৰ ধ্বনিৰে মুখৰিত দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰ

দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ সংখ্যক অধিবেশন । শনিবাৰে পদাধিকাৰ দেৱেন্দ্ৰনাথ ৰাজখোৱাই ধৰ্মধ্বজা উত্তোলন কৰে ।

হৰি নামৰ ধ্বনিৰে মুখৰিত দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰ

গোলাঘাট,৩ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশ । ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলে ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত ভিৰ কৰা দেখা গৈছে । হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল ।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ সংখ্যক অধিবেশনৰ শনিবাৰে দ্বিতীয়টো দিন । দ্বিতীয় দিনাৰ কাৰ্যসূচীত অধিবেশনস্থলীত বহু লোকে ভিৰ কৰে । পুৱাই অধিবেশনৰ অন্যতম এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ পদাধিকাৰ দেৱেন্দ্ৰনাথ ৰাজখোৱাই ধৰ্মধ্বজা উত্তোলন কৰে । সেই সময়ত বৃহৎ সংখ্যক ভক্তপ্ৰাণ লোক সমবেত হৈ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় । শ্ৰীমন্ত শংকৰদেৱ সমাজ ফেটাগাঁও আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত ৩৪ সংখ্যক পূৰ্ণাংগ অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ, আই-মাতৃৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে শ্ৰীমন্ত শংকৰদেৱ সমাজে লক্ষ্যত উপনীত হ'বলৈ সকলো সময়তে চেষ্টাও অব্যাহত ৰাখিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সমাজে চেষ্টা অব্যাহত ৰাখিছে বুলিও উল্লেখ কৰে বিষয়ববীয়াসকলে । উদ্যোক্তা তথা বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ দৰে দেৰগাঁৱত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সমাজৰ এই পূৰ্ণাংগ অধিবেশনখনো সফল হৈছে । ইফালে এই যাত্ৰাত অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতাও কামনা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ বিষয়ববীয়াসকলে ।

ইফালে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ প্ৰাক্তন কৰ্মকৰ্তাসকলেও এই অধিবেশনত অংশগ্ৰহণ কৰে । পূৰ্বতকৈ ৰাইজৰ উন্নত সঁহাৰিৰ বাবে তেওঁলোক অভিভূত হৈ পৰিছে ।

লগতে পঢ়ক :গুৰুজনাৰ সৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ কৰাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.