ETV Bharat / state

গুৰুজনাৰ সৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ কৰাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 8:04 AM IST

Assam Sahitya Sabha : মহামিলনৰ মহাতীৰ্থলৈ পৰিণত হৈছে পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ বাৰ্ষিক অধিৱেশনত চিৰ চেনেহী মোৰ ভাষা জননী শ্ল’গানেৰে মুখৰিত হৈছে আকাশ বতাহ ৷

Assam Sahitya Sabha 2024
অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ বাৰ্ষিক অধিৱেশন

মৰিগাঁও, ৩ ফেব্ৰুৱাৰী: শুকুৰবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ ফলত বোকাময় হৈ পৰে বাৰপূজীয়া বিশেষ অধিবেশনৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । আনকি বিজুলী-ঢেৰেকনি, বতাহ-বৰষুণৰ বাবে সকলোৱে দোকান পোহাৰে আশ্ৰয় ল'বলৈ বাধ্য হয় সকলো ৷

ইফালে অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ অধিৱেশনৰ তৃতীয় দিনাৰ দিনৰ কাৰ্যসূচীত উদুলি-মুদুলি হৈ পৰে পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । প্ৰথম কাৰ্যসূচী ৰূপে বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে ।

আনহাতে, মূল মণ্ডপত অনুষ্ঠিত হয় শিক্ষাবিদ ভোগনাথ দেউৰী সোঁৱৰণী বুৰঞ্জী সন্মিলন । এই বুৰঞ্জী সন্মিলন উদ্বোধন কৰে গৱেষক সাহিত্যিকে ড৹ শৰৎ ফুকনে । এই সন্মিলনত সঞ্চালনা কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹মৃণাল কুমাৰ বৰাই । শিক্ষাবিদ মনেশ্বৰ দেউৰীয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা সন্মিলনত আলোচক ৰূপে ক্ৰমে বুৰঞ্জীবিদ ড৹ হাতেম আলী, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান হাজৰিকা, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰে অংশগ্ৰহণ কৰে ।

আনহাতে, দুপৰীয়া মুকলি সভাখন উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাই । ৰাজ্যখনৰ বৰেণ্য সাহিত্যিক সকলে অংশগ্ৰহণ কৰা এই মুকলি সভাত বহিঃৰাজ্যৰ তথা ওড়িশাৰ সংস্কৃত পণ্ডিত ড৹ সম্পদানন্দ মিশ্ৰ, ড৹ নগেন শইকীয়া, ৰংবং তেৰাঙৰ প্ৰমুখ্যে কেইবাগৰাকী প্ৰবীণ সাহিত্যিকে এই মুকলি সভাত বক্তব্য আগবঢ়ায় ।

ইফালে শোভাযাত্ৰাৰ শেষত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই উল্লেখ কৰে যে বাৰপূজীয়া অধিৱেশনৰ জৰিয়তে অসম সাহিত্য সভাৰ পৰবৰ্তী সময়ত কাৰ্য সম্পাদনা কৰিব । একেদৰে আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে কয় যে অসম সাহিত্য সভাৰ দৰ্শণৰ মতেই বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰ মহামিলন, মহাতীৰ্থলৈ উন্নীত হৈছে ।

সাংবাদিকৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগান আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসম সাহিত্য সভাই শতাধিক গুণৰ অধিকাৰী গুৰুজনাৰ আধ্যাত্মিক দিশটো বাদ দি সৃষ্টি আৰু কৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আগবঢ়ায় পৰামৰ্শ ।

আনহাতে, আগন্তুক অসম সাহিত্য সভাৰ পূৰ্ণাংগ পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰূপে অসম সাহিত্য সভাৰ সেৱা কৰিবলৈ সুযোগ লাভ কৰা বুলি সদৰী কৰি সকলোকে সহায়, সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক : অসম সাহিত্য সভাৰ একাদশ বিশেষ অধিৱেশনৰ তৃতীয়টো দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.