ETV Bharat / state

অসম সাহিত্য সভাৰ একাদশ বিশেষ অধিৱেশনৰ তৃতীয়টো দিন

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:08 PM IST

Assam Sahitya Sabha: মহামিলনৰ মহাতীৰ্থলৈ পৰিণত হৈছে অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ বাৰ্ষিক অধিৱেশনৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । চিৰ চেনেহী মোৰ ভাষা জননী শ্লোগানেৰে মুখৰিত হৈছে আকাশ বতাহ ৷

Assam Sahitya Sabha
অসম সাহিত্য সভাৰ একাদশ বিশেষ অধিৱেশনৰ তৃতীয়টো দিন
অসম সাহিত্য সভাৰ একাদশ বিশেষ অধিৱেশনৰ তৃতীয়টো দিন

মৰিগাঁও, 2 ফেব্ৰুৱাৰী : 31 জানুৱাৰীৰ পৰা পাঁচোৰজা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন । লোকাৰণ্য় হৈ পৰে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । এই বিশেষ অধিৱেশনৰ আজি তৃতীয়টো দিন । উদুলি-মুদুলি বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ ।

তৃতীয়টো দিনৰ প্ৰথম কাৰ্যসূচীৰূপে বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে । আনহাতে একে সময়তে মূল মণ্ডপত অনুষ্ঠিত হৈছে শিক্ষাবিদ ভোগনাথ দেউৰী সোঁৱৰণী বুৰঞ্জী সন্মিলন । এই বুৰঞ্জী সন্মিলন উদ্ধোধন কৰে গৱেষক সাহিত্যিক ড৹ শৰৎ ফুকনে ।

এই সন্মিলনত শিক্ষাবিদ মনেশ্বৰ দেউৰীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে, আলোচকৰূপে ক্ৰমে বুৰঞ্জীবিদ ড৹ হাতেম আলী, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান হাজৰিকা, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰে অংশগ্ৰহণ কৰে । আনহাতে দুপৰীয়া মুকলি সভা উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাই ।

ইফালে শোভাযাত্ৰাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই উল্লেখ কৰে যে বাৰপূজীয়া অধিৱেশনৰ জৰিয়তে অসম সাহিত্য সভাৰ পৰৱৰ্তী সময়ত কাৰ্য সম্পাদনা কৰি যাব ।

অসম সাহিত্য সভাক বিশ্বমুখী কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাই ইতিমধ্যে আমেৰিকা, ইংলেণ্ডত অসম সাহিত্য সভাৰ শাখা মুকলি আৰু অসমীয়া সাহিত্যক ইংৰাজীলৈ অনুবাদৰ জৰিয়তে বিশ্বমুখী কৰাৰ চেষ্টা অব্যাহত ৰখোৱা বুলি সদৰী অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । বাৰপূজীয়া অধিৱেশনৰ জৰিয়তে এইক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে অসমীয়া ভাষাৰ গ্ৰন্থসমূহ বিভিন্ন ভাষাত অনুবাদ কৰি পঢ়ুৱৈ সমাজক দিয়াৰ বাবে এক চিন্তা-চৰ্চা ইতিমধ্য়ে কৰা হৈছে ।

লগতে পঢ়ক: আজিৰে পৰা অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.