ৰাজপথ দখল কৰিলে গাহৰিয়ে: কোনে কিমান সৰকাব পাৰে তাৰহে যেন চলিল প্ৰতিযোগিতা - Pig Carrier Accident in Kaliabor

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:40 PM IST

thumbnail

কলিয়াবৰ, 22 মাৰ্চ: কলিয়াবৰৰ বুঢ়াপাহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অষ্ট্ৰেলিয়ান গাহৰিৰ মেলা । অষ্ট্ৰেলিয়ান গাহৰিৰ বাবে তীব্ৰ যানজঁট বুঢ়াপাহাৰত । উজনি-নামনি যাত্ৰীৰ মাজত হাহাকাৰ । অষ্ট্ৰেলিয়ান গাহৰি চাবলৈ ভিৰ হয় শতাধিকলোকৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাবিলৈ পলায়ন কিছু সংখ্যক গাহৰি ।

ঘটনা অনুসৰি গুৱাহাটীৰ পৰা উজনিৰ দিশে আহি থকা এখন প্ৰকাণ্ড অষ্ট্ৰেলিয়ান গাহৰিভৰ্তি ট্ৰেইলাৰ কলিয়াবৰৰ বুঢ়াপাহাৰত দুৰ্ঘটনাত পতিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে প্ৰায় ৫০০ গাহৰি কঢ়িয়াই অনা ইউ পি ১৯ টি ৯৫১০ নম্বৰৰ ট্ৰেইলাৰ । ইয়াৰ পিচত ঘটনাস্থলীত উপস্থিত আৰক্ষী । দুৰ্ঘটনাত পতিত হৈ দিগ্‌-বিদিক হেৰুৱাই গাড়ীৰ আগত পৰে বহু গাহৰি ।

ক্ৰেনৰ জৰিয়তে ট্ৰেইলাৰখন উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে । যানজঁটত আৱদ্ধ গাড়ী নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰে যান-বাহন আৰক্ষী । আনহাতে, দুৰ্ঘটনাত পতিত অষ্ট্ৰেলিয়ান গাহৰি লৈ উধাও হয় একাংশ লোক । কোনোৱে যদি মটৰচাইকেলত, আন কোনোৱে আকৌ চাইকেলতে উঠাই গাহৰি লৈ উধাও হয় ।

লগতে পঢ়ক: কলিয়াবৰত ট্ৰাকৰ ভিতৰত চালকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.