কলিয়াবৰত ট্ৰাকৰ ভিতৰত চালকৰ মৃতদেহ উদ্ধাৰ - Deadbody of truck driver found

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:30 PM IST

thumbnail

কলিয়াবৰ,২২ মাৰ্চ: কলিয়াবৰৰ বান্দৰডুবিৰ ৰাষ্ট্ৰীয় পথৰ ওপৰত জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিছে এখন ট্ৰাক । জব্দ কৰা ট্ৰাকখনৰ ভিতৰত ওলাল এজন ব্যক্তিৰ মৃতদেহ । জব্দ কৰা ট্ৰাকখন হাইজেক কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰে । হাইজেকাৰে গাড়ীখনৰ চালকৰ হত্যা কৰি গাড়ীৰ বাকচত ভৰাই চলাই আনিছিল উজনিৰ দিশে । মৃত চালকজনৰ নাম নিকলাচ্ ধাৰ বুলি জানিব পৰা গৈছে । ট্ৰাকখনৰ নম্বৰ NL-01-AA-6213 ।  

ইতিমধ্য়ে ট্ৰাকখন হাইজেক কৰি চলাই অনা লোকজনক আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে । জানিব পৰা মতে, ট্ৰাকখনত থকা GPS ৰ জৰিয়তে ট্ৰাকখনৰ অৱস্থিতিৰ বিষয়ে সন্দেহ হোৱাত আৰক্ষীক খবৰ দিছিল গাড়ীখনৰ স্বত্বাধিকাৰী সৰবজিৎ সিঙে । জখলাবন্ধা আৰক্ষীয়ে তৎপৰতাৰে খেদি-খেদি বান্দৰডুবিত জব্দ কৰে বাহনখন । ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ আৰু ফৰেনছিকৰ দল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা; অকাল মৃত্যু ছাত্ৰ নেতা স্বৰাজ শংকৰ গগৈৰ - AASU Leader Swaraj Sankar Gogoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.