বায়ু প্ৰদূষণৰ সজাগতাৰ লক্ষ্যৰে দেশজুৰি চাইকেলেৰে ভ্ৰমণ মিজোৰামৰ যুৱকৰ - bicycle rally
🎬 Watch Now: Feature Video

Published : February 11, 2024 at 7:56 PM IST
গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: চাইকেল চলাই দেশজুৰি স্বচ্ছ বায়ু প্ৰদূষণৰ সজাগতাৰ লক্ষ্য লৈছে মিজোৰামৰ যুৱক ভানলালৱমজুয়ালা ভাৰ্টে। ৩৪ বছৰীয়া ভানলালৱমজুয়ালা ভাৰ্টেই দেওবাৰে গুৱাহাটী পোৱাৰ পিচত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ একাংশ বিষয়া আৰু চাইকেল আৰোহীয়ে উদ্যোগ লৈ গুৱাহাটীৰ দীঘলীপুখুৰীৰ সন্মুখত তেওঁক ক্ৰীড়া জাৰ্চি আৰু অসমীয়া গামোচা লৈ আদৰণি জনায় ।
এল জে ভাৰ্টে নামেৰেও পৰিচিত যুৱকজনে চলিত বৰ্ষৰ ২৫ জানুৱাৰীত আইজলৰ পৰা মিছন "ৰাইড টু ক্লীন এয়াৰ" আৰম্ভ কৰিছিল । এই পদক্ষেপৰ জৰিয়তে ভাৰ্টেই ভাৰতৰ চুক-কোণে চাইকেল চলোৱাৰ লগতে বায়ু প্ৰদূষণৰ সন্দৰ্ভত নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা ।
ভাৰ্টেৰ এই পদক্ষেপক মিজোৰাম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডেও সহযোগিতা আগবঢ়াইছে । সংবাদমাধ্যমৰ আগত ভাৰ্টেৱে কয়, ‘‘মই ২৫ জানুৱাৰীত আইজলৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো ৷ আগৰতলা পৰা শিলচৰ আৰু গুৱাহাটী, ইয়াৰ পিচত মই ৰাঁচী আৰু তাৰ পিচত কলকাতা আৰু তাৰ পিছত দক্ষিণ ভাৰত হৈ গুজৰাট, হিমাচল, বিহাৰ, পশ্চিম বংগ, অৰুণাচল, মণিপুৰ, নাগালেণ্ড হৈ মিজৰামত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছোঁ ৷ আইজোৱালৰ পৰা গুৱাহাটীলৈ মই ৯০০ কিলোমিটাৰ সম্পূৰ্ণ কৰিছোঁ । মই নৱপ্ৰজন্মক চাইকেল ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব বিচাৰো, যাতে আমি বায়ু আৰু শব্দৰ দৰে প্ৰদূষণ হ্ৰাস কৰিব পাৰোঁ ৷"
লগতে পঢ়ক: ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স