টিএমপিকে-এমএমকে-টিএমএমকেৰ প্ৰতিষ্ঠা দিৱস পালন - TMPK Foundation Day

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:39 PM IST

thumbnail

লখিমপুৰ, ২১ এপ্ৰিল: লখিমপুৰ নগৰৰ সমীপৰ ঘাগৰ মহাইজানত দেওবাৰে তিনিটা মিচিং সংগঠনে একেলগে পালন কৰে প্ৰতিষ্ঠা দিৱস । টিএমপিকে,এমএমকে আৰু টিএমএমকে সংগঠন তিনিটাৰ ঘাগৰ মহাইজান আঞ্চলিক সমিতিয়ে এই প্ৰতিষ্ঠা দিৱস পালন কৰে । মহাইজান আঞ্চলৰ পূৱ ছাগলীকটা দঃলুং লত্তাত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰে ।  

পুৱা পতাকা উত্তোলন, গছ পূজা, বৃক্ষ ৰোপণ,মুকলি সভা, সাংস্কৃতিক কাৰ্যসূচীৰে পালন কৰা এই দিৱসত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে । এই কাৰ্যসূচী সমূহ প্ৰকৃতি পূজাৰে আৰম্ভ কৰা হয় । সমূহীয়াকৈ গছৰ গুৰিত ধূপ-চাকি প্ৰজ্বলনৰ লগতে মংগল ধ্বনি, বস্ত্র অৰ্পণ আদিৰে গছ পূজা সম্পন্ন কৰে । এই কাৰ্যসূচীৰ আগভাগ লয় বৃক্ষবন্ধু বকুল গগৈয়ে । তেওঁ প্ৰকৃতি পূজাৰ মহত্ব,মানৱ সমাজ আৰু মানৱ দেহত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে ব্য়াখ্য় কৰে । 

উল্লেখ্য যে এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে শ্বহীদ দিৱসৰো আয়োজন কৰে । মিচিং সমাজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আজিৰ দিনটোতে তিনিজনকৈ মিচিং লোক শ্বহীদ হৈছিল । এই শ্বহীদসকলক আজিৰ দিনটোতে স্মৰণ কৰা হয় ।

লগতে পঢ়ক:ধেমাজিত মিচিং ছবি 'মুৰকঙ'ৰ শুভ মহুৰত সম্পন্ন - New Missing Film

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.