কংগ্ৰেছৰ কাৰ্যকলাপত অসন্তুষ্ট তৃণমূল কংগ্ৰেছ

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 10:52 PM IST

thumbnail

ডিব্ৰুগড়, 19 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷ ইয়াৰ মাজতে সোমবাৰে ডিব্ৰুগড়ত তৃণমূল কংগ্ৰেছ অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় । ডিব্ৰুগড় চহৰৰ পেন্সনাৰ ভৱনত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ সভাত সমাগত লোকসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয় । টি এম চিৰ ৰাজ্যিক প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যুৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত লোকসভা নিৰ্বাচনত দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰা হয় ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনত ৰাজ্যৰ চাৰিখন আসনত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিব বিচৰাৰ কথা ঘোষণা কৰে গজেন্দ্ৰ প্ৰসাদ উপমন্যুৱে । তেওঁ কয় যে কৰিমগঞ্জ, ধুবুৰী, কোকৰাঝাৰ আৰু তেজপুৰত তৃণমূল কংগ্ৰেছে নিৰ্বাচন খেলাৰ কথা বিৰোধী ঐক্য মঞ্চত অৱগত কৰা হৈছে । যাৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি চলাই থকা হৈছে ৷ বিজেপিক পৰাভূত কৰিবলৈ গঠন হোৱা বিৰোধী ঐক্য মঞ্চৰ বিগ ব্ৰাদাৰ স্বৰূপ কংগ্ৰেছে বৰ্তমানে লোৱা ভূমিকাত তৃণমূল কংগ্ৰেছৰ সুখী নহয় বুলিও কয় টি এম চিৰ ৰাজ্যিক প্ৰশাসনিক সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক: ধুবুৰীত ৰকিবুলক নহয়; প্ৰয়োজন এগৰাকী স্থানীয় প্ৰাৰ্থীৰহে: আব্দুল খালেক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.