তিৱাসকলৰ মৌলিক সমস্যা সমাধানৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:50 AM IST

thumbnail

মৰিগাঁও, ২ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত গণেশ সেনাপতি ভৱনত সংবাদমেল সম্বোধন । সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চেনীৰাম মালাঙে সংবাদমেলত সদৰী কৰা অনুসৰি বিগত ২১ আৰু ৩০ জানুৱাৰীত অনুষ্ঠিত হোৱা সন্থাৰ বৰ্দ্ধিত কাৰ্যনিবাহকত গ্ৰহণ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

সেই অনুসৰি, আগন্তুক দিনত সদৌ তিৱা ছাত্ৰ সন্থাই তিৱাসকলৰ মৌলিক সমস্যা সমাধানে বাবে গুৱাহাটীৰ চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব । একেদৰে দিল্লীত গৃহমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে তিৱা স্বায়ত্তপৰিষদৰ সন্দৰ্ভত আগবঢ়োৱা প্ৰস্তাৱক কাৰ্যকৰী কৰিবলৈ দাবী জনাবলৈ এটা সঁজাতি দল প্ৰেৰণ কৰিব ।

দ্বিতীয়তে সদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যকাল উকলি যোৱাত আগন্তুক সপ্তাহত বিশেষ অভিৱৰ্তনত অনুষ্ঠিত কৰি জিলা সমিতিখন গঠন কৰাৰ বাবে গ্ৰহণ কৰে সিদ্ধান্ত । একেদৰে সন্থাৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসটো মৰিগাঁও চহৰৰ মাজমজিয়াত গণেশ সেনাপতি ভৱনত অনুষ্ঠিত কৰিবলৈ বৰ্দ্ধিত কাৰ্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে, সন্থাৰ সাধাৰণ সদস্য দীপাংকৰ মাছলাই পাতৰক সংগঠন আৰু সংগঠনটোৰ সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত সন্থাৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহ সভাই সাধাৰণ সদস্য পদৰ পৰা নিলম্বন কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিষয়ে সদৰী কৰে সংবাদমেলত ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটক নতুনত্ব বিহীন আখ্যা ৰাইজৰ দল আৰু আম আদমি পাৰ্টিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.