কেন্দ্ৰীয় বাজেটক নতুনত্ব বিহীন আখ্যা ৰাইজৰ দল আৰু আম আদমি পাৰ্টিৰ
Interim budget 2024-25: নতুনত্ব বিহীন বাজেট, দুখীয়া নিম্ন আৰু মধ্যবিত্তৰ বাবে একো নাই এই বাজেটত । কৃষক, শ্ৰমজীৱি, চাকৰিয়ালসকলৰ ওপৰত মাধমাৰ দিয়াৰ বিপৰীতে কৰ্প’ৰেট কৰ হ্ৰাস কৰি পুঁজিপতিকহে সহায় কৰিছে চৰকাৰে । কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এই মন্তব্য আপ অসম আৰু ৰাইজৰ দলৰ ৷

Published : February 1, 2024 at 10:56 PM IST
গুৱাহাটী,১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটখনক নতুনত্ববিহীন তথা হতাশাজনক আখ্যা দিছে ৰাইজৰ দলে । বাজেটত শিক্ষা, স্বাস্থ্য, কৃষিখণ্ডৰ দৰে মহিলা আৰু শিশু কল্যাণ বিভাগৰো বাজেট আগতকৈ হ্ৰাস কৰা হ’ল ।
বিশেষকৈ আটাইতকৈ কম ধন ধাৰ্য কৰা হৈছে কৃষি খণ্ডত । অৰ্থাৎ কৃষকক ন্যূনতম সমৰ্থন মূল্য দিয়াৰ ক্ষেত্ৰত এইবাৰো কোনো সবল পদক্ষেপ নল’লে মোদী চৰকাৰে । সাৰৰ ওপৰত থকা ৰাজসাহাৰ্যও হ্ৰাস কৰি কৃষকৰ ওপৰত মাধমাৰ দিছে এইখন বাজেটে ।
একেদৰে নিৰ্বাচনৰ পূৰ্বে চাকৰিয়ালসকলে আশা কৰিছিল যে আয়কৰৰ সীমা বৃদ্ধি কৰি চৰকাৰে মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিব ৷ কিন্তু তেনে কোনো ঘোষণাই নাহিল চৰকাৰৰ ফালৰ পৰা । পৰোক্ষ কৰৰ পৰা হ’ব পৰা আয়ৰ লক্ষ্য বৃদ্ধিয়ে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ সাধাৰণ জীৱন নিৰ্বাহতো প্ৰভাৱ পেলাব বুলি সদৰী কৰে ৰাইজৰ দলে ।
ইয়াৰ বিপৰীতে কৰ্প’ৰেট কৰ ৩০ ৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰি পুঁজিপতিক সকাহ দিবলৈহে মোদী চৰকাৰ উঠি পৰি লাগিল বুলি আক্ষেপ প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতিদ্বয় ভাস্কো ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে ।
হিতাধিকাৰী সৃষ্টিত গুৰুত্ব আৰোপ কৰা এই বাজেটত নতুন সংস্থাপন, জীৱিকা আদিৰ বিষয়ে কোনো পৰিকল্পনাই নাই বুলিও আক্ষেপ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেতাসকলে । তদুপৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতো এই বাজেটে একো দিব পৰা নাই । এইয়া অঞ্চলটোৰ প্ৰতি চৰম অৱজ্ঞা বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেতাকেইজনে ।
লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটক নিৰাশাজনক আখ্যা লুৰীণজ্যোতি গগৈৰ

