ETV Bharat / state

কেন্দ্ৰীয় বাজেটক নিৰাশাজনক আখ্যা লুৰীণজ্যোতি গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:09 PM IST

Updated : Feb 1, 2024, 10:36 PM IST

Interim budget 2024-25: ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ অসম জাতীয় পৰিষদৰ সভাপতিয়ে এই বাজেট সন্দৰ্ভত মত প্ৰকাশ কৰিছে-

ajp president lurinjyoti gogoi reaction on interim-budget-2024-25
২০২৪-২৫ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেট

লুৰীণজ্যোতি গগৈৰ মন্তব্য

গুৱাহাটী,১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সদনত দাখিল কৰে ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট । তেওঁৰ ভাষণত বিত্ত মন্ত্ৰীয়ে চৰকাৰৰ সাফল্য আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ অন্তৱৰ্তীকালীন এই বাজেটখনক লৈ ৰাজনৈতিক মহলত বিশেষ চৰ্চা হৈছে । বিভিন্ন দল-সংগঠনে কেন্দ্ৰীয় বাজেটখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটখনক হতাশাজনক আৰু নিৰাশাজনক আখ্যা দিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইখন বাজেটত কেৱল ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবি অতি শক্তিশালী ৰূপত প্ৰকট হৈছে ৷

লুৰীণজ্যোতি গগৈয়ে কয় যে দেশৰ ১৪০ কোটি জনতাৰ ৮০ কোটি জনতাক এতিয়া চৰকাৰে বিনামূলীয়া খাদ্যৰ যোগান ধৰিব লাগে, এইয়াই হৈছে দেশৰ অৱস্থা । সেইদৰে দেশখনৰ ঋণৰ বোজা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে যি সময়ত এখন উৎপাদনমুখী বাজেট ঘোষণা কৰিব লাগিছিল, তেনে কৰিব পৰা নাই ।

এইখন বাজেটত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ একো নাই বুলি সদৰি কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে কেৱল পূৰ্বাঞ্চল বুলি কৈয়ে তেওঁলোকে দায়িত্ব সামৰিছে । উত্তৰ-পূৰ্বাঞ্চলভিত্তিক কোনো সিদ্ধান্ত বাজেটত গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰি তেওঁ কয় যে এইখন এখন সাধাৰণ জনতাৰ পৰা ভোট কিনাৰ এখন বাজেট ।

লগতে পঢ়ক : 'বিকশিত ভাৰত'ৰ পৰা 'নাৰী শক্তি'লৈ; অন্তৰ্ৱৰ্তীকালীন বাজেটত শীৰ্ষত কি কি

Last Updated :Feb 1, 2024, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.