বিধান সভা চৌহদত বাঘ বুলি জহামালে খুৱালে ভয়

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 8:05 PM IST

thumbnail

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : অসম বিধান সভাত বাজেট অধিৱেশন চলি থকাৰ সময়তে আজি এক হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিধান সভাত এটা জহামালে আতংকৰ সৃষ্টি কৰে । বিধানসভাৰ চৌহদত নিৰ্মাণ হৈ‌ থকা অট্টালিকাত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে প্ৰথমে বাঘ দেখা বুলি দাবী কৰিছিল । ইয়াৰ পিচতে বিধানসভাত সৃষ্টি হৈছিল বাঘৰ আতংকৰ ।

এই ঘটনাই শুকুৰবাৰে দুপৰীয়াৰ ভাগৰ ২ বজাৰ পৰা ৪ বজালৈ দুঘন্টাজোৰা সময় বিধান সভাৰ চৌহদত আতংকৰ সৃষ্টি কৰে । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বিধান সভাৰ চৌহদত আতংকৰ সৃষ্টি কৰা জন্তুটো বাঘ নহয়, জহামালহে বুলি চিনাক্ত কৰে  ।

উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিৱেশন । বিধান সভাৰ ঘোষিত কার্যসূচী অনুসৰি ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব অসম বিধান সভাৰ বাজেট অধিৱেশনখন । লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটৰ লগতে অধিৱেশনখন বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: যানজঁটে প্ৰতিফলিত কৰিছে অসমৰ আৰ্থিক উন্নয়ন; মন্ত্ৰী ৰণজিৎ দাসৰ সূক্ষ্ম দৃষ্টিকোণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.