ETV Bharat / state

যানজঁটে প্ৰতিফলিত কৰিছে অসমৰ আৰ্থিক উন্নয়ন; মন্ত্ৰী ৰণজিৎ দাসৰ সূক্ষ্ম দৃষ্টিকোণ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 4:28 PM IST

CM secretariat in Dibrugarh
Assam assembly budget session

Assam assembly budget session: গুৱাহাটীত যানজঁট হোৱাটো স্বাভাৱিক । যানজঁট হোৱাৰ লগে লগে অসমৰ মানুহৰ অৰ্থনৈতিক উন্নয়ন হৈছে । অৰ্থনৈতিক উন্নয়ন হোৱা বাবেই প্ৰায় মানুহৰে গাড়ী হৈছে । যাৰ ফলত যানজঁট হোৱাটো স্বাভাৱিক । চৰকাৰী কাৰ্যালয়লৈ নহাকৈ কাম-কাজ কৰাৰ বাবে চৰকাৰে ই-অফিচৰ ব্যৱস্থা কৰিছে । সদনত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ প্ৰশ্নৰ উত্তৰত এইদৰে ক’লে মন্ত্রী ৰণজিৎ কুমাৰ দাসে ।

মন্ত্ৰী ৰণজিৎ দাসৰ উত্তৰ

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: উজনি অসমৰ সুবিধাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয়ৰ এটা কাৰ্যালয় নিৰ্মাণ কৰা হ'ব । সেইদৰে তেজপুৰত হ'ব ৰাজ্যপালৰ সচিবালয়ৰ এটা কাৰ্যালয় । শুকুৰবাৰে বিধানসভাত এই কথা সদৰী কৰে মন্ত্রী ৰণজিৎ কুমাৰ কুমাৰ দাসে ।

শুকুৰবাৰে অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিনা সদনত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই উজনি অসমৰ যোৰহাটত এটা অত্যাধুনিক প্ৰশাসনীয় ব্লক নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায় । গুৱাহাটীৰ ব্যাপক যানজঁটৰ সমস্যাৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক বৰুৱাই গুৱাহাটীলৈ নহাকে উজনি অসমৰ কাম-কাজৰ সুবিধাৰ বাবে যোৰহাটত এটা অত্যাধুনিক প্ৰশাসনীয় ব্লক নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে । যাতে সকলো কামৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া নহয় ।

ইয়াৰ উত্তৰত মন্ত্রী ৰণজিৎ কুমাৰ দাসে কয় যে গুৱাহাটীত যানজঁট হোৱাটো স্বাভাৱিক কথা । যানজঁট হোৱাৰ লগে লগে অসমৰ মানুহৰ অৰ্থনৈতিক উন্নয়ন হৈছে । ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে অৰ্থনৈতিক উন্নয়ন হোৱা বাবেই প্ৰায় মানুহৰে গাড়ী হৈছে । যাৰ ফলত যানজঁট হোৱাটো স্বাভাৱিক ।

গুৱাহাটী মহানগৰীত দৈনিক ৫ লাখৰো অধিক যান-বাহনৰ চলাচল হয় বুলি সদৰী কৰি তেওঁ কয় যে যানজঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে চৰকাৰখনে বহু কেইখন উৰণ সেতু নিৰ্মাণ কৰিছে । যাৰ ফলত বৰ্তমান সময়ত যানজঁটৰ সমস্যা বহু পৰিমাণে সমাধান হৈছে ।

ইফালে যোৰহাটত কাৰ্যালয় স্থাপনৰ প্ৰস্তাৱ সন্দৰ্ভত তেওঁ কয় যে যোৰহাটৰ দৰে এখন সুন্দৰ চহৰক কাৰ্যালয় স্থাপনৰে গুৱাহাটীৰ দৰে যানজঁটৰ সমস্যালৈ ঠেলি দিয়াটো চৰকাৰে নিবিচাৰে । ইয়াৰ দ্বাৰা ৰাইজৰ সমস্যাহে হ'ব । চৰকাৰী কাৰ্যালয়লৈ নহাকৈ কাম-কাজ কৰাৰ বাবে চৰকাৰে ই-অফিচৰ ব্যৱস্থা কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে সচিবালয়ৰ কাম-কাজ অনলাইন ব্যৱস্থাত সামৰি লোৱাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে ।

ইতিমধ্যে ২.১ লাখ ফাইল ডিচপ'জ কৰা হৈছে বুলি জানিবলৈ দি কৰি তেওঁ কয় যে আগতে সকলো কামৰ বাবে দিছপুৰলৈ আহিবলগীয়া হৈছিল । এতিয়া সেই সমস্যাৰ সমাধান কৰি ই-ফাইল কৰা হৈছে । জিলা প্ৰশাসনৰো এক লাখৰো অধিক ফাইল ডিচপ'জ কৰা হৈছে । ইয়াৰ ফলত মানুহৰ সময় ৰাহি হোৱাৰ লগতে হাৰাশান্তি কমিছে আৰু ইন্ধনৰো ৰাহি হৈছে ।

জিলা আয়ুক্তৰ কাৰ্যালয় সমূহ ইণ্টিগ্ৰেটেড কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জনায় । তেওঁ লগতে কয় যে বৰাক উপত্যকাৰ প্ৰতি লক্ষ্য ৰাখি বৰাকত মিনি সচিবালয় নিৰ্মাণৰ কাম চলি আছে । সেইদৰে ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয়ৰ কাৰ্যালয় আৰু তেজপুৰত ৰাজ্যপালৰ সচিবালয়ৰ কাৰ্যালয় কৰা হ'ব বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয়; সংসদত আলোচনা বিচাৰিলে গৌৰৱ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.