দিন বেয়া আছিল চিলনী চোৰৰ

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:00 PM IST

thumbnail

নলবাৰী, ১২ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি চিলনী চোৰৰ ত্ৰাস অব্যাহত থকাৰ মাজতে সোমবাৰে নলবাৰীত এটা চিলনী চোৰক কৰায়ত্ত কৰে এজন সাহসী যুৱকে । নলবাৰীৰ Axis Bank ৰ সমীপত সংঘটিত হয় এই ঘটনা । এজন যুৱকৰ পৰা ধন কাঢ়ি নিয়া অৱস্থাত যুৱকজনে নিজে খেদি খেদি কৰায়ত্ত কৰিলে চিলনী চোৰটোক ৷ 

জিলাখনৰ বেলশৰৰ যুৱক এজনৰ পৰা ৩০,০০০ টকা কাঢ়ি নিয়া অৱস্থাত কৰায়ত্ত কৰিবলৈ সক্ষম হয় চিলনী চোৰটোক । ধৃত চিলনী চোৰটো বিহাৰৰ বিশাল দাস বুলি জানিব পৰা গৈছে । 

উল্লেখ্য যে, নলবাৰী চহৰত দিনক দিনে বৃদ্ধি পাই আহিছে চিলনী চোৰৰ ত্ৰাস ৷ চিলনী চোৰে চহৰখনত দীৰ্ঘদিনে বিভিন্ন লোকৰ পৰা চলাই আহিছিল লুটপাত । আজি তেনেই এক ঘটনা সংঘটিত কৰাৰ সময়তেই আটক হয় গভাইত চোৰটো ।

লগতে পঢ়ক: শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.