ETV Bharat / state

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 2:25 PM IST

Sexual assault by teacher : শিক্ষকৰ যৌন শোষণৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে ছাত্ৰী । শিক্ষকৰ বিৰুদ্ধে এজাহাৰ ছাত্ৰীৰ পৰিয়ালৰ । এইবাৰ ক'ত কোন শিক্ষকে সংঘটিত কৰিলে এই ঘটনা ? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন-

Sexual harassment in education
শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ

নগাঁও, 12 ফেব্ৰুৱাৰী: শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । নগাঁও জিলাৰ ধিং বেচামাৰীৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ ছাত্ৰীক বিয়া পতাৰ প্ৰলোভেনেৰে এটা বন্ধ কোঠাত তিনিদিন পৰ্যন্ত ৰাখি নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ।

ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকে দিয়া অভিযোগ অনুসৰি নগাঁও জিলাৰ চাপানলাৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত বেচামাৰীৰ আবতাব আলী ৷ ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, আবতাব আলীয়ে ছাত্ৰীগৰাকীক কৰ্মস্থলী চাপানলালৈ লৈ যায় আৰু তাত যৌন আতিশয্য চলায় ।

ভুক্তভোগীয়ে এই সন্দৰ্ভত পুনৰ কয় যে আবতাব আলীৰ সৈতে তেওঁৰ সম্পৰ্ক 4 বছৰৰ ৷ বিগত 17 জানুৱাৰীৰ দিনা ছাত্ৰীগৰাকী কলেজলৈ গৈ থকা অৱস্থাতে বিয়া পাতিম বুলি কৈ ছাত্ৰীগৰাকীক কৰ্মস্থলী চাপানলালৈ লৈ গৈছিল । চাপানলাৰ এটি গৃহত আৱদ্ধ কৰি ৰখা ছাত্ৰীগৰাকীক কেৱল যৌন নিৰ্যাতন চলায় বুলি অভিযোগ তোলে ছাত্ৰীগৰাকীয়ে ।

ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে স্থানীয় গাঁওৰক্ষী বাহিনীৰ ওচৰত ছাত্ৰীগৰাকীক বিয়া পতাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰে বুলি আবতাব আলীৰ বিৰুদ্ধে অভিযোগ তোলে । আনকি বিয়া পাতিব বুলি লিখিত প্ৰতিশ্ৰুতি আগবঢ়াইছিল বুলিও ভুক্তভোগী পৰিয়ালটিয়ে জনায় ৷ আনকি ভুক্তভোগী ছাত্ৰীগৰাকীক আবতাব আলীৰ লগতে আন কেইবাজনো সহযোগী লগ হৈ আক্ৰমণ চলোৱাৰো অভিযোগ উঠিছে ।

ছাত্ৰীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি পৰিয়ালৰ লোকে খবৰ পাই স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে । পিছত আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় । ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে শিক্ষকগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: Rape in Bilasipara: নাবালিকা নিৰ্যাতনকাৰীক সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.