মন্দিৰত চুৰিকাণ্ড, দেৱ-দেৱীৰ প্ৰতিমা ভাঙি চূৰমাৰ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:17 PM IST

thumbnail

কাছাৰ, 31 জানুৱাৰী : কাছাৰৰ ধলাই নয়াবিলত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ একে নিশাই অঞ্চলটোৰ চাৰিটাকৈ মন্দিৰত চুৰিকাণ্ড সংঘটিত হয় ৷ দুষ্কৃতিকাৰীয়ে পিছে অকল চুৰিয়েই কৰা নাই ৷ গুৰু-গোঁসাই নমনা হ’লে আজিকালি কোনেও ৷ দেৱ-দেৱীৰ প্ৰতিমা ভাঙি চূৰমাৰ কৰিলে দুষ্কৃতিকাৰীয়ে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি কালি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে । খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়গৈ কাছাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ আৰক্ষীৰ এটা দল । লগতে তদন্তৰ বাবে লৈ অনা হয় আৰক্ষীৰ চোৰাংচোৱা কুকুৰ ।

আৰক্ষীয়ে স্বপন মুড়া নামৰ এজন আটক কৰে । লোকজনৰ বেগৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মন্দিৰৰ পৰা চুৰি হোৱা বিভিন্ন সামগ্ৰী । লগতে আৰক্ষীৰ ওচৰত তেওঁ স্বীকাৰ কৰে যে তেওঁ এই কাণ্ড সংঘটিত কৰিছে । আৰক্ষীৰ তদন্তত ওলাইছে যে লোকজন ধলাই বাশখাল অঞ্চলৰ বাসিন্দা । লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত । পূৰ্বেও তেওঁ এনে বহু কাণ্ড সংঘটিত কৰিছে ৷ ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় বজৰং দলৰ সদস্য । তেওঁলোকে ঘটনাটোক নিন্দা কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে । ঘটনাৰ আঁৰত ৰহস্য থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে বজৰং দলৰ সদস্যসকলে ।

লগতে পঢ়ক : স্মাৰ্ট আৰক্ষীক চেলেঞ্জ কৰি ATM মেচিনসহ ২৩ লাখ টকা লুটিলে চোৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.