স্মাৰ্ট আৰক্ষীক চেলেঞ্জ কৰি ATM মেচিনসহ ২৩ লাখ টকা লুটিলে চোৰে

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 1:25 PM IST

thumbnail

গুৱাহাটী, ২৪ জানুৱাৰী : মহানগৰীৰ বশিষ্ঠত ATM চুৰিৰ ঘটনা । এইবাৰ গুৱাহাটীৰ লালমাটিৰ এটা SBI ৰ ATM ৰ পৰা চোৰে লুটিলে ২৩ লাখ টকা । নগদ ধন নহয় খোদ ATM টোৱে উঠাই নিয়ে চোৰৰ দলটোৱে । জানিব পৰামতে, মঙলবাৰে নিশা প্ৰথমতে চোৰৰ দলটোৱে CCTV কেমেৰাটো বিকল কৰি পিচত গেছ কাটাৰেৰে কাটি লৈ যায় ATM মেচিনটো । তাৰ পিচতে ATM মেচিনৰ ভিতৰত থকা পইচাৰ বাকচটো কাটি নিলে চোৰৰ দলটোৱে । 

এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিচতে বুধবাৰে পুৱা একাংশ স্থানীয় ৰাইজে ATM টো ভাঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । তাৰ পিচতে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ATM টোৰ ভিতৰত ২৩ লাখ টকা আছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বশিষ্ঠ আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত সংঘটিত হৈছে এই ঘটনা ৷

লগতে পঢ়ক: চি এম ভিজিলেন্সৰ হাতত সুকন্যা বৰাৰ পাছপ'ৰ্টৰ তথ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.