ETV Bharat / state

চি এম ভিজিলেন্সৰ হাতত সুকন্যা বৰাৰ পাছপ'ৰ্টৰ তথ্য

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:32 PM IST

ACS Sukanya Borah: সাংসদ পুঁজিৰ ধন আত্মসাতৰ অভিযোগত অভিযুক্ত প্ৰশাসনিক বিষয়া সুকন্যা বৰাৰ পাছপ’ৰ্টৰ তথ্য লাভ কৰিছে চি এম ভিজিলেন্সে ৷ অৱসৰ বিনোদনৰ বাবে থাইলেণ্ডলৈ কাৰ লগত গৈছিল সুকন্যা বৰা সেই সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত ৷

ACS Sukanya Borah
সুকন্যা বৰা

গুৱাহাটী, ২৩ জানুৱাৰী: মুখ্যমন্ত্ৰীৰ তদৰাকী কোষৰ হাতত পৰিছে নিলম্বিত প্ৰশাসনিক বিষয়া সুকন্যা বৰাৰ পাছপ'ৰ্টৰ তথ্য ৷ তথ্য অনুসৰি অৱসৰ বিনোদনৰ বাবে থাইলেণ্ডলৈ গৈছিল সুকন্যা বৰা । ইণ্ডিগ’ বিমানেৰে বেংককলৈ গৈছিল প্ৰশাসনিক বিষয়াগৰাকী ।

২০১৬ চনত মৰিগাঁৱত কৰ্মৰত হৈ থকা সময়ত থাইলেণ্ডলৈ গৈছিল সুকন্যা বৰা ৷ কাৰ সৈতে থাইলেণ্ডলৈ গৈছিল এই চি এচ বিষয়াগৰাকী তাৰ তথ্য CM ভিজিলেন্সে বিচাৰিছে ইণ্ডিগ’ বিমান কৰ্তৃপক্ষক ।

উল্লেখ্য যে অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল কুখ্যাত ৰাকেশ পালৰ আমোলত ২০১৩ বর্ষত চাকৰি লাভ কৰা সুকন্যা বৰাৰ ৷ ইতিমধ্যে সাংসদ পুঁজি কেলেংকাৰীৰ গোচৰটোত জামিন লাভ কৰিবলৈ সক্ষম হলেও আয় বৰ্হির্ভূত সম্পত্তিৰ নতুন এটা গোচৰত চি এম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে সুকন্যা বৰাক ।

চাকৰি লাভ কৰাৰ ৮ বছৰৰ ভিতৰতে পৰ্বতসম সম্পত্তিৰ অধিকাৰী হৈ পৰিছে সুকন্যা বৰা । অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীত এচিএছ বিষয়াগৰাকীক অভিযুক্ত কৰি পৰৱৰ্তী সময়ত নিলম্বন কৰিছিল ।

আয় বহির্ভূত সম্পত্তিৰ অভিযোগত চি এম ভিজিলেন্সে ৮ /২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি কেইবাবাৰো জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে সুকন্যাক । ভিজিলেন্সৰ বিষয়াই সদৰী কৰা অনুসৰি গুৱাহাটীৰ পাঁচটা স্থানত সুকন্যা বৰাৰ ভূমি-সম্পত্তি আছে । গুৱাহাটীৰ উপৰি হাজো, মৰিগাঁও, উত্তৰ গুৱাহাটীত আছে বিশাল ভূমি ।

চি এম ভিজিলেন্সে প্ৰায় দহ কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰে সুকন্যা বৰাৰ ৷ দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ আয় বহির্ভূত সম্পত্তিৰ হাৰ হৈছে ১১৯০.৯০ শতাংশ ।

লগতে পঢ়ক: সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ CM ভিজিলেন্সৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.