কাছাৰত ৰৈ থকা কন্টেইনাৰৰ পৰা অনলাইন শ্বপিঙৰ সামগ্ৰী চুৰি

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 1:51 PM IST

thumbnail

কাছাৰ, ৩ জানুৱাৰী : শুকুৰবাৰে নিশা কাছাৰৰ শালচাপৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড । পথৰ কাষত ৰৈ থকা এখন কন্টেইনাৰৰ পৰা চোৰে চুৰি কৰিলে অনলাইন শ্বপিঙৰ বিভিন্ন সামগ্ৰী । গুৱাহাটীৰ পৰা অহা অনলাইন শ্বপিঙৰ সামগ্ৰী ভৰ্তি এখন কন্টেইনাৰ কাছাৰৰ অভিমুখে আহি আছিল ৷

তেনেতে হঠাৎ নিশা কাছাৰৰ শালচাপৰাত উপস্থিত হোৱাৰ পাচতে কন্টেইনাৰখনৰ হেডলাইন বিকল হৈ পৰে । ফলত চালকে বাহনখন পথৰ কাষতে ৰখাই সেই স্থানতে শুই পৰে । মাজনিশা এটা চোৰৰ দলে কন্টেইনাৰৰ তলা ভাঙি বাহনখনত থকা অনলাইন শ্বপিঙৰ বিভিন্ন সামগ্ৰী চুৰি কৰি উক্ত স্থানৰ পৰা উধাও হয় ৷

চালকজনে চোৰৰ পিছে পিছে খেদি যায় যদিও চোৰকেইটা ধৰিবলৈ সক্ষম নহ’ল চালকজন ৷ জানিব পৰা মতে, কন্টেইনাৰখন আগৰতলালৈ গৈ আছিল অনলািন সামগ্ৰী ভৰ্তি বাহনখন । চালকজনে উল্লেখ কৰা মতে, কাছাৰৰ শালচাপৰাত উপস্থিত হোৱা কন্টেইনাৰখন পৰা ম’বাইল ফোনসহ বিভিন্ন মূল্যবান সামগ্ৰী চোৰে চুৰি কৰে ।

অৱশ্যে পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত শালচাপৰা আৰক্ষী চকীত চালকজনে এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী, জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.