ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী, জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 11:41 AM IST

PM Modi two day Assam visit : শনিবাৰে বিয়লি 7.30 বজাত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হ'ব বৰঝাৰস্থিত বিমান বন্দৰত । প্ৰদেশ বিজেপিৰ মুখ্য কমিটিৰে নিশা আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্রী । দেওবাৰে দিনৰ 11.30 বজাত খানাপাৰাত সম্বোধন কৰিব বিশাল জনসভা । ভাৰ্চুৱেলী 11,599 কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । তৎপৰ আৰক্ষী-প্ৰশাসনকে ধৰি অসম চৰকাৰ । মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী । প্ৰধানমন্ত্রীৰ ভ্ৰমণক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা । সলনি কৰা হৈছে মহানগৰীৰ কেইবাটাও পথৰ যান-বাহন চলাচলৰ গতিপথ । জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন -

PM Modi two day Assam visit
গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী

গুৱাহাটী,3 ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণ সূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিয়লি 7.30 বজাত গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । বিমান বন্দৰৰ পৰা গুৱাহাটীৰ মাজেৰেই প্ৰধানমন্ত্রী কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ যাব । মোদীৰ আগমনক কেন্দ্ৰ কৰি আৰক্ষী-প্ৰশাসনকে ধৰি অসম চৰকাৰ বিশেষভাৱে তৎপৰ হৈ পৰিছে ।

traffic restrictions imposed in guwahati for pm assam visit
গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । সজাই তোলা হৈছে প্ৰধানমন্ত্রী আগমনৰ সমগ্ৰ পথচোৱা । গুৱাহাটীত প্ৰধানমন্ত্রীৰ কোনো ধৰণৰ ৰোড শ্ব' নহয় বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যদিও ঠায়ে ঠায়ে প্ৰধানমন্ত্রীক আদৰণি জনোৱাৰ বাবে জনসমাগম হ'ব বুলি জানিব পৰা গৈছে । ইফালে বিমান বন্দৰত প্ৰধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

আনহাতে, প্ৰধানমন্ত্রী মোদীৰ এই ভ্ৰমণক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা । মহানগৰীৰ কেইবাটাও পথৰ যান-বাহন চলাচলৰ গতিপথ সলনি কৰা হৈছে । গুৱাহাটী সংলগ্ন NH-27 আৰু NH-17 ত শনিবাৰে 4-6 চকীয়া গধুৰ সামগ্রী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । শনিবাৰে দিনৰ 2 বজাৰ পৰা নিশা 11 বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা ।

ইফালে, পাঞ্জাবাৰী ৰোড, জি এছ ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোড, ডি জি ৰোডত 3-4 চকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে, চিটি বাছ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহৰ চলাচলৰ ক্ষেত্রতো পৰিস্থিতি অনুযায়ী আৰক্ষীয়ে নিয়ম বান্ধি দিব বুলি জানিব পৰা গৈছে । অৱশ্যে জৰুৰীকালীন বাহন চলাচলত কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই ।

traffic restrictions imposed in guwahati for pm assam visit
গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী

আজি নিশা গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে প্ৰদেশ বিজেপিৰ মুখ্য কমিটিৰে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্রী । দলীয় এই কাৰ্যসূচীত প্ৰধানমন্ত্রীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ বিজেপিৰ নেতৃত্বৰে আলোচনা কৰিব বুলি জানিব পৰা গৈছে । নিশাটো ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত 4 ফেব্ৰুৱাৰী দেওবাৰে দিনৰ 11.30 বজাত প্ৰধানমন্ত্রীয়ে খানাপাৰাৰ খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব । সেই সভাৰ পৰাই মোদীয়ে ভাৰ্চুৱেলী 11,599 কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।

প্ৰধানমন্ত্রী মোদীৰ সভাত একৰ পৰা ডেৰ লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে । আনহাতে মোদীৰ সভালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পাঁচ হাজাৰ লাখপতি বাইদেউক অনাৰ ব্যৱস্থা কৰা হৈছে । খানাপাৰাৰ খেলপথাৰত বিশাল জনসভাত প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলি 1,451 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু 592 কোটি টকাৰ দোলাবাৰীৰ পৰা জামুগুৰিলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শুভ উদ্বোধন কৰিব ।

আনহাতে, প্ৰধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰিব 498 কোটিটকীয়া মা কামাখ্যা কৰিড'ৰ, 358 কোটিটকীয়া গোপীনাথ বৰদলৈ বিমানবন্দৰ সংযোগী 6 লেন পথ, অসমমালাৰ 3,444 কোটি টকা ব্যয়সম্বলিত 43 টা পথ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ 3,250 কোটি টকীয়া নতুন ভৱন, 578 কোটি টকাৰ কৰিমগঞ্জ মেডিকেল কলেজ, 830 কোটি টকা ব্যয় সাপেক্ষে ন-ৰূপত নেহৰু ষ্টেডিয়াম, 300 কোটি টকাৰে চন্দ্ৰপুৰত ৰাষ্ট্ৰীয় মানসম্পন্ন ষ্টেডিয়াম আৰু মণিৰাম দেৱান ট্রেড চেণ্টাৰত 297 কোটি টকাৰে দেশৰ বিভিন্ন ৰাজ্যৰ বাবে একতা মল ।

মোদীৰ আগমনক কেন্দ্ৰ কৰি চৰকাৰ আৰু ৰাজ্যিক বিজেপি বিশেষভাৱে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । এক কথাত লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজাবলৈ আজি অসমলৈ আহিব নৰেন্দ্ৰ মোদী ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ তদাৰক মন্ত্ৰী অশোক সিংহলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.