ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ তদাৰক মন্ত্ৰী অশোক সিংহলৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:03 PM IST

pm assam visit minister Ashok Singhal inspects the preparation for jansabha to be addressed by narendra modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাৰ প্ৰস্তুতি

PM Assam visit : প্ৰধানমন্ত্ৰীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীত কি কি অন্তৰ্ভূক্ত হৈ আছে জানি লওক-

মন্ত্ৰী অশোক সিংহলৰ মন্তব্য

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । খানাপাৰৰ খেলপথাৰত দেওবাৰে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা । এই সভাতে মুঠ ১১৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

একৰ পৰা ডেৰ লাখ লোকৰ সমাগম হ’ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ এতিয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে । ইতিমধ্যে খেলপথাৰ চৌহদত বিশাল মঞ্চ তৈয়াৰ কৰাৰ লগতে খানাপাৰাৰ সকলো বাট-পথ চূণ-তেল সানি সজাই পৰাই তোলা হৈছে । ইয়াৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত শুকুৰবাৰৰে পৰা কোনো সাধাৰণ লোক তথা সংবাদ মাধ্যমৰ লোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ।

গুৱাহাটী মহানগৰীত গিজগিজাই আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ অহা হাজাৰ হাজাৰ আৰক্ষী জোৱান । আজি বিয়লি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাৰ প্ৰস্তুতিৰ তদাৰক কৰে মন্ত্ৰী অশোক সিংহলে । লগতে ৩ ফেব্ৰুৱাৰীত খানাপাৰাত এক লাখ চাকি প্ৰজ্বলন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, শনিবাৰে নিশা ৭.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অৱতৰণ কৰিব । সেইদিনাই নিশা প্ৰধানমন্ত্ৰীয়ে দলৰ ৰাজ্যিক ক'ৰ কমিটীৰে আলোচনাত মিলিত হ’ব । প্ৰধানমন্ত্ৰীয়ে নিশাটো ৰাজ্যিক অতিথিশালাত কটাই দেওবাৰে দিনৰ ১১.৩০ বজাত খানাপাৰাৰ খেলপথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । উক্ত সভাতে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুঠ ১১৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.