নলবাৰীত সিন্ধি খান্দি চোৰে নিলে নগদ ধনসহ সা-সামগ্ৰী

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 2:33 PM IST

thumbnail

নলবাৰী, ২১ জানুৱাৰী: নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কেকানকুছিৰ নতুন বজাৰত শনিবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড । কেকানকুচিৰ নতুন বজাৰত ফুলমিয়া আলী নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত চোৰে সিন্ধি খান্দি দোকানৰ ভিতৰত প্ৰবেশ কৰি প্ৰায় ৮০ হাজাৰ টকাৰ সা-সামগ্ৰীৰ লগতে নগদ ৫ হাজাৰ টকা  চোৰে চুৰি কৰে । নিশা ফুলমিয়া নামৰ লোকজনৰ দোকানত সিন্ধি দি চোৰ কৰি থকা সময়তে স্থানীয়লোকে খবৰ লাভ কৰাত চোৰৰ দলটোৱে সা-সামগ্ৰীসহ নগদ ধন লৈ উধাও হয় যদিও ইয়াৰে এটা চোৰক ৰাইজে ধৰিবলৈ সক্ষম হয় ।

পিছত ৰাইজে চোৰটোক আৱদ্ধ কৰি মুকালমুৱা আৰক্ষীক গতাই দিয়ে । ধৃত চোৰটোৰ নাম একাদ আলী । এখন চাৰিচকীয়া বাহনেৰে চোৰৰ দলটোৱে চুৰ কৰিবলৈ অহা বুলি স্থানীয় লোকে সন্দেহ কৰিছে ।

লগতে পঢ়ক:বৰপেটাৰ অসম কেশৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.