অসমত গঢ়ি উঠিব থাইলেণ্ডৰ আৰ্হিৰ চিৰিয়াখানা - নামদাং সংৰক্ষিত বনাঞ্চল

🎬 Watch Now: Feature Video

thumbnail
অসমত গঢ়ি উঠিব থাইলেণ্ডৰ আৰ্হিত চিৰিয়াখানা (undefined)

By ETV Bharat Assamese Team

Published : February 11, 2024 at 8:30 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ১১ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন হ'ব মুকলি চিৰিয়াখানা । শনিবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰে ভিতৰত ডিব্ৰুগড়ৰ টিংখাঙৰ নামদাঙত এটা বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে । টিংখাং বিধানসভা সমষ্টিৰ ডিব্ৰুগড় বন সংমণ্ডলৰ অন্তৰ্গত নামদাং সংৰক্ষিত বনাঞ্চলত অঞ্চলটোৰ প্ৰাণীক উদ্ধাৰ আৰু পুনর্বাসন সেৱা প্ৰদানৰ বাবে আনুমানিক ২৫৯ কোটি টকাৰ প্রকল্প ব্যয়েৰে ১৮৭২ হেক্টৰ ভূমিত এটা বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্র স্থাপন কৰা হ'ব ।  

উক্ত কেন্দ্ৰত তৃণভোজী, মাংসভোজী প্রাণী আৰু চৰাইৰ পক্ষীশালাৰ আন্তর্জাতিক মানৱ ছাফাৰীৰ ব্যৱস্থাৰ লগতে জীৱ-জন্তুৰ প্ৰয়োজনীয়তা পূৰণ কৰা, উদ্ধাৰ আৰু পুনর্বাসন সেৱা প্রদান কৰা পূর্ণাংগ পশু চিকিৎসাৰ সুবিধা অন্তৰ্ভুক্ত কৰা হ'ব । প্রস্তাৱিত বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰক উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্র্য প্রদর্শন কৰি স্থানীয় আৰু ঘৰুৱা পর্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য অসম চৰকাৰৰ । অসম চৰকাৰৰ এই সিদ্ধান্তক একেমুখে আদৰণি জনাইছে অঞ্চলবাসীয়ে । 

লগতে পঢ়ক: ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স

ABOUT THE AUTHOR

...view details