চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুক লৈ উত্তেজনা

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:50 AM IST

thumbnail

কৰিমগঞ্জ,১০ ফেব্ৰুৱাৰী: কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি । শুকুৰবাৰে বিয়লি এগৰাকী মহিলাৰ মৃত্যুক লৈ চিকিৎসালয়খনত বিৰাজ কৰে চৰম উত্তেজনাময় পৰিস্থিতিয়ে । কৰিমগঞ্জ চহৰৰ সমীপৰ সাৰিশা অঞ্চলৰ পৰা দুটা সন্তানৰ মাতৃ উষা বৰ্মন নামৰ মহিলাগৰাকীয়ে জন্ম নিয়ন্ত্ৰণৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ আহিছিল । মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হয় মহিলাগৰাকীৰ ।  

অভিযোগ অনুসৰি, অপাৰেচনৰ সময়তে মহিলাগৰাকীৰ মৃত্যু হয় । পিচত চিকিৎসক আৰু নাৰ্চে মৃত মহিলাগৰাকীক চিকিৎসালয়ৰ প্ৰসৱ কক্ষত আৱদ্ধ কৰি গুচি যায় । ইয়াৰ ফলত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চৰম উত্তেজনাৰ সৃষ্টি হয় । কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সততে সংঘটিত হোৱা এনে ঘটনাৰ ফলত চিকিৎসালয়খনৰ চিকিৎসকৰ প্ৰতি জনসাধাৰণৰ আস্থা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰে ৰাইজে । পাচত দণ্ডাধীশৰ উপস্থিতিত নিয়ন্ত্ৰণ কৰা হয় পৰিস্থিতি ।

লগতে পঢ়ক: গুৱাহাটীত PHONOCON 2024 অনুষ্ঠিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.