গুৱাহাটীত PHONOCON 2024 অনুষ্ঠিত
PHONOCON 2024: হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হয় ফ'ন' চাৰ্জন সংস্থাৰ ১৯ সংখ্যক বাৰ্ষিক সন্মিলন । ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই সন্মিলন । সন্মিলনত উপস্থিত দেশ-বিদেশৰ প্ৰায় ৩৫০ জনতকৈ অধিক প্ৰতিনিধি । সন্মিলনখনি উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গোৰ্লাচাই ।

Published : February 10, 2024 at 8:39 AM IST
মিৰ্জা,১০ ফেব্ৰুৱাৰী : গুৱাহাটীৰ বিমান বন্দৰৰ সমীপৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত কৰা হয় ভাৰতীয় ফ'ন' চাৰ্জন সংস্থাৰ ১৯ সংখ্যক বাৰ্ষিক সন্মিলন । ৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই সন্মিলন । অনুষ্ঠানত অসম চৰকাৰৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু খিলঞ্জীয়া জনজাতীয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় ফ'ন' চাৰ্জন সংস্থাৰ ১৯ সংখ্যক PHONOCON 2024 আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।
PHONOCON 2024ত উপস্থিত থাকে অসম চৰকাৰৰ চিকিৎসা শিক্ষাৰ সঞ্চালক ডাঃ অনুপ বৰ্মন । উক্ত বাৰ্ষিক সন্মিলনত অষ্ট্ৰেলিয়া, কানাডা, জাপান, স্পেইন, উজবেকিস্তান, মালদ্বীপ, নেপাল আদিৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৫০ জনতকৈ অধিক প্ৰতিনিধিৰ লগতে উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যৰ পৰা অহা প্ৰতিনিধিসকলেও উক্ত সন্মিলনত অংশগ্ৰহণ কৰে PHONOCON 2024 ত ।
সন্মিলনত আন্তঃৰাষ্ট্ৰীয় ব্যক্তিসকল ক্ৰমে কানাডাৰ ডাঃ কেৰেন কষ্ট, আমেৰিকাৰ ডাঃ জেমছ থমাছ, আমেৰিকাৰ ডাঃ দীপক মেহতা, অষ্ট্ৰেলিয়াৰ এন ভাৰটিগান আৰু নেপালৰ পৰা ডাঃ যোগেশ নেউপান উপস্থিত থাকি সন্মিলনত কণ্ঠ, বায়ুপথ আৰু খাদ্য গ্ৰহণ কৰাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে ।
লাইভ চাৰ্জিকেল ডেমষ্ট্ৰেচন, হেণ্ডছ অন কোৰ্চ আৰু ইনষ্ট্ৰকচিয়েল কোৰ্চ অন আছিল বিষয়টোৰ ওপৰতো বিভিন্নজনে ভাষণ প্ৰদান কৰে । বিকাৰ আৰু ইয়াৰ সমাধান Dhwani ৰ উদ্যোগত Nebaoi আৰু Aisha ৰ সহযোগত অনুষ্ঠিত হোৱা সন্মিলনখনি আয়োজন কৰে অধ্যক্ষ ডাঃ গৌতম খাউণ্ড আৰু সম্পাদক ডাঃ দেবিকা বৰুৱাই ।
লগতে পঢ়ক : ৰঙা-নীলা লাইট সম্বলিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালক আৰক্ষীৰ জিম্মাত

