ETV Bharat / state

ৰঙা-নীলা লাইট সম্বলিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালক আৰক্ষীৰ জিম্মাত

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 6:50 AM IST

Updated : Feb 10, 2024, 9:24 AM IST

driver arrested for hitting a pedestrian in Nalapara guwahati
অভিযুক্ত অৰীন কটকী

26 জানুৱাৰীৰ নিশা মহানগৰীৰ নালাপাৰাত পথচাৰীক মহতিয়াই নিয়া চালকক গ্ৰেপ্তাৰ ৷ চালকজন এখন আগশাৰীৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ । ইতিমধ্যে আদালতলৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত অৰিন কটকীক ।

গুৱাহাটী, 10 ফেব্ৰুৱাৰী: যোৱা 26 জানুৱাৰীৰ নিশা মহানগৰীৰ নালাপাৰাত সংঘটিত হৈছিল দুৰ্ঘটনাৰ ঘটনা ৷ পথচাৰীক মহতিয়াই লৈ গৈছিল এখন বাহনে ৷ পথচাৰীক মহতিয়াই নিয়া চালকক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰক্ষীয়ে । লগতে জব্দ কৰা হয় দুৰ্ঘটনা সংঘটিত কৰা বাহনখন । গ্ৰেপ্তাৰ কৰা চালকজনৰ নাম অৰিন কটকী বুলি আৰক্ষীয়ে জনায় ।

উল্লেখ্য যে, যোৱা 26 জানুৱাৰীত নিশা মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নালাপাৰাত এখন ৰঙা-নীলা লাইট লগোৱা অচিনাকি বাহনে খুন্দা মৰাৰ ফলত নৰবাহাদুৰ থাপা নামৰ এজন পথচাৰীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে মৃত্যু হৈছিল । দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন সেই স্থানৰ পৰা পলায়ন কৰিছিল । ৰঙা-নীলা লাইট লগোৱা বাহন হোৱা হেতুকে একাংশই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষীৰ বাহন বুলি সন্দেহ কৰিছিল ।

ইয়াৰ পিচতে বশিষ্ঠ যান-বাহন আৰক্ষীৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত 62/24u/ s279/304/304(a)/201 IPC নম্বৰত ৰুজু কৰা হৈছিল গোচৰ । সেই গোচৰৰ ভিত্তিতে বশিষ্ঠ আৰক্ষীয়ে তদন্ত চলাই এখন ব্যক্তিগত স্কৰ্পিঅ' বাহনৰ সম্ভেদ লাভ কৰে ৷ ইয়াৰ পিচতে শুকুৰবাৰে মহানগৰীৰ ছয়মাইলৰ ৰূপকোঁৱৰ পথত এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে অৰিন কটকী নামৰ দুৰ্ঘটনা সংঘটিত কৰা চালকজনক ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে দুৰ্ঘটনা সংঘটিত কৰা AS01 FF 0555 নম্বৰৰ স্কৰ্পিঅ’ বাহনখনো জব্দ কৰে আৰক্ষীয়ে । লক্ষণীয় বিষয় যে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই বাহনখনৰ নম্বৰ প্লেট খুলি চচলৰ এটা গেৰেজত মেৰামতি কৰিবলৈ দিছিল কটকীয়ে । আৰক্ষীয়ে শুকুৰবাৰে গেৰেজৰ পৰা উদ্ধাৰ কৰে বাহনখন ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, ৰঙা-নীলা লাইট সম্বলিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালকজন এখন আগশাৰীৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ । ইতিমধ্যে আদালতলৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত অৰিন কটকীক ।

লগতে পঢ়ক: লালমাটিত দুটাকৈ পথ দুৰ্ঘটনা, এগৰাকী মহিলাৰ মৃত্যু

Last Updated :Feb 10, 2024, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.