টাই গৱেষক ড৹ পুষ্প গগৈলৈ টেঙাই মহন বঁটা - টেঙাই মহন বঁটা

🎬 Watch Now: Feature Video

thumbnail
বিশিষ্ট বুদ্ধিজীৱী পুষ্প গগৈলৈ টেঙাই মহন বঁটা (undefined)

By ETV Bharat Assamese Team

Published : February 11, 2024 at 10:21 PM IST

1 Min Read
Choose ETV Bharat

টিংখাং, ১১ ফেব্ৰুৱাৰী: অসমৰ বিশিষ্ট বুদ্ধিজীবী তথা টাই ভাষাৰ গৱেষক ড৹ পুষ্প গগৈক টেঙাই মহন বঁটা প্ৰদান । টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই টিংখাঙত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে বিশিষ্ট বুদ্ধিজীৱিগৰাকীক । দেওবাৰে ৰাজগড় জিলা পৰিষদ ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট টাই পণ্ডিতগৰাকীক টেঙাই মহন বঁটা প্ৰদান কৰা হয় ।  

টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, কেন্দ্ৰীয় সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই ডিব্রুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনকে ধৰি সংগঠনটোৰ ভালে সংখ্যক নেতা-কৰ্মী আৰু স্থানীয় বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদ, অসমে অসমৰ প্রথম অসমীয়া অভিধান প্রণেতা পণ্ডিত টেঙাই মহনৰ নামত প্ৰতি বছৰে এটি বঁটা আগবঢ়াই আহিছে ।

লগতে পঢ়ক: নন্দ সিং বৰকলা আৰু নিতুমণি শইকীয়ালৈ নতুন সুৰ প্ৰকাশন পৰিষদৰ বঁটা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details