ETV Bharat / state

নন্দ সিং বৰকলা আৰু নিতুমণি শইকীয়ালৈ নতুন সুৰ প্ৰকাশন পৰিষদৰ বঁটা

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 7:47 PM IST

Award of publication 2024 in Lakhimpur: লখিমপুৰৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী নতুন সুৰ প্ৰকাশন পৰিষদে প্ৰতি বছৰে দুগৰাকী বিশিষ্ট ব্যক্তিক 'সাহিত্যজ্যোতি' আৰু 'কথা-বৈভৱ' বঁটা প্ৰদান কৰি আহিছে । ২০২৪ বৰ্ষৰ বঁটা ঘোষণা কৰা হৈছে ।

Award announcement in Assam
প্ৰকাশন গোষ্ঠী নতুন সুৰ প্ৰকাশন পৰিষদ

প্ৰকাশন গোষ্ঠী নতুন সুৰ প্ৰকাশন পৰিষদ

লখিমপুৰ, ৭ ফেব্ৰুৱাৰী: লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৪ বৰ্ষৰ বঁটা ঘোষণা কৰা হৈছে । কবি-ঔপন্যাসিক তথা জ্যেষ্ঠ আৰক্ষী বিষয়া নন্দ সিং বৰকলালৈ 'সাহিত্যজ্যোতি' আৰু জ্য়েষ্ঠ সাংবাদিক নিতুমণি শইকীয়ালৈ 'কথা-বৈভৱ' বঁটা আগবঢ়োৱা হৈছে । নতুন সুৰ প্ৰকাশন পৰিষদৰ সঞ্চালক জিতেন বৰুৱাই আজি এই বঁটা ঘোষণা কৰে ।

সাহিত্য চৰ্চাৰ জৰিয়তে সুস্থ পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃজনশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান নতুন সুৰ প্ৰকাশন পৰিষদে বিগত ২০০৬ চনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি-সংবাদক্ষেত্ৰলৈ ইতিবাচক অৱদান আগবঢ়োৱা ব্যক্তি বিশেষক 'সাহিত্যজ্যোতি' আৰু 'কথা-বৈভৱ' বঁটা প্ৰদানেৰে সন্মানিত কৰি আহিছে ৷

২০২৪ বৰ্ষৰ 'সাহিত্যজ্যোতি' বঁটাৰ বাবে নতুন সুৰ প্ৰকাশন পৰিষদে নিৰ্বাচন কৰিছে কবিতাত কাল-চেতনাৰ মাজেৰে মননশীল আৰু পৰিশীলিত মানুহৰ সন্ধান কৰা, সমষ্টিগত ব্যক্তিত্বৰ প্ৰজ্ঞাৰে উদ্বুদ্ধ বিশিষ্ট সাহিত্যিক নন্দ সিং বৰকলাক ৷ উল্লেখ্য যে নন্দ সিং বৰকলাৰ ১৬ খন কাব্যগ্ৰন্থ, ৩ খন গল্প সংকলনকে ধৰি বহু কেইখন গ্ৰন্থ প্ৰকাশ পাইছে ৷ শেহতীয়াভাৱে তেওঁৰ উপন্যাস হাদিৰাচকীয়ে পাঠকসমাজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, জ্য়েষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই সাংবাদিকতাৰ লগতে জাতীয় জীৱনৰ স'তে সম্পৃক্ত সকলোবোৰ বিষয় আৰু সমস্যাক প্ৰাঞ্জলভাৱে উপস্থাপন কৰি জনসজাগতা বৃদ্ধিত এক নতুন গতি প্ৰদান কৰি আহিছে ৷ যাৰ বাবে নতুন সুৰ প্ৰকাশন পৰিষদে ২০২৪ বৰ্ষৰ 'কথা-বৈভৱ বঁটা' প্ৰদানৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই দুয়োগৰাকী বিশিষ্ট ব্যক্তিক অহা এপ্ৰিলত উত্তৰ লখিমপুৰত হ'ব লগা এক বিশেষ অনুষ্ঠানত বঁটা প্ৰদান কৰিব বুলি নতুন সুৰ প্ৰকাশন পৰিষদৰ সঞ্চালক জিতেন বৰুৱাই সদৰী কৰিছে ।

লগতে পঢ়ক: ৰাজ্যজুৰি অব্যাহত গুণোৎসৱ 2024 ৰ তৃতীয় পৰ্যায়ৰ আভ্যন্তৰীণ মূল্যায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.