ETV Bharat / state

ৰাজ্যজুৰি অব্যাহত গুণোৎসৱ 2024 ৰ তৃতীয় পৰ্যায়ৰ আভ্যন্তৰীণ মূল্যায়ন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 3:44 PM IST

Gunotsav held in Assam: ৰাজ্যত আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ-২০২৪ । মাজুলী কাছাৰকে আদি কৰি প্ৰায়সমূহ জিলাতে অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ-২০২৪ । মাজুলীত ৫৩২খন বিদ্যালয়ৰ ২৩,৮২৪গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি অনুষ্ঠিত হৈছে গুণোৎসৱ । কাছাৰৰ আঠটা শৈক্ষিক ব্লকত অব্যাহত গুণোৎসৱৰ আভ্যন্তৰীণ মূল্যায়ন ।

Gunotsav held in different parts of Assam
ৰাজ্যজুৰি অব্যাহত গুণোৎসৱৰ আভ্যন্তৰীণ মূল্যায়ণ

মাজুলী/কাছাৰ,৭ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ-২০২৪ । ৰাজ্যখনৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ২০২৪ বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তজৰালভাৱে মাজুলীতো ৫৩২খন বিদ্যালয়ৰ ২৩,৮২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি অনুষ্ঠিত হৈছে এই গুণোৎসৱ । মাজুলীত গুণোৎসৱৰ আজি দ্বিতীয় দিন ।

গুণোৎসৱক লৈ সাজু বিদ্যালয়সমূহ, সাজু শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল । মাজুলীৰ বিদ্যালয়ে বিদ্যালয়ে গৈছে বহিঃমূল্যায়কসকল । মাজুলীৰ বালিজান কমলপুৰ জনজাতি প্ৰাথমিক বিদ্যালয়ত বহিঃমূল্যায়কৰ দায়িত্বত মাজুলীৰ প্ৰাক্তন উপায়ুক্ত বৰ্তমানৰ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিব দেৱপ্ৰসাদ মিশ্ৰ । কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থাকি আনন্দিত হৈ পৰে ৰাজ্য চৰকাৰৰ সচিবগৰাকী ।

সমান্তৰালভাৱে কাছাৰৰ আঠটা শৈক্ষিক ব্লকত সোমবাৰৰ পৰা আৰম্ভ হৈছে বহু চৰ্চিত গুণোৎসৱৰ আভ্যন্তৰীণ মূল্যায়ণ । ইয়াৰ অংশ হিচাপে মঙলবাৰে কাছাৰৰ ভাৰত-বাংলা সীমান্তৰ কাটিগড়াৰ পৰম্পৰাগত শিক্ষানুষ্ঠান সিদ্ধেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া মেধা উৎসৱৰ মূল্যায়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে'য়ে । চৰকাৰী শিক্ষানুষ্ঠানৰ বিষয় শিক্ষক কাটিগড়াৰ শিক্ষা ব্যৱস্থাৰ লগতে বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদৰ্শনৰ লগতে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ বিষয়েও তেওঁ আশা প্ৰকাশ কৰে ।

এই প্ৰদৰ্শনক আপ-টু-দ্য-মাৰ্ক বুলি অভিহিত কৰি আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে গুণোৎসৱক ৰাজ্য চৰকাৰৰ এক অগ্ৰগতি পদক্ষেপ বুলি অভিহিত কৰে । বিভিন্ন পক্ষৰ অভিযোগ দূৰ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে সুদূৰ প্ৰসাৰী ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । তেওঁ কয় যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাই হ'ব গুণোৎসৱৰ প্ৰাথমিক সফলতা ।

ইফালে চৰকাৰী বিদ্যালয় সমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে মাজুলীৰ এক অগ্ৰণী শিক্ষানুষ্ঠান ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হয় । বিদ্যা ভাৰতী সংবদ্ধ আৰু শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন ৰতপুৰ গায়ন মাজুলীয়ে বিভিন্ন কাৰ্যসুচীৰে ৰূপালী জয়ন্তী বৰ্ষ শুভাৰম্ভনি অনুষ্ঠান উদযাপন কৰে ৷

লগতে পঢ়ক: চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ ১৩ ঘন্টীয়া অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.