ETV Bharat / state

চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ ১৩ ঘন্টীয়া অনশন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:54 PM IST

AASU protest against Ranoj Pegu : জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি আগত লৈ অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সোণাৰিত প্ৰতিবাদ আছুৰ । মাজুলীতো আছুৰ ১৩ ঘন্টীয়া অনশন কাৰ্যসূচী ।

AASU protest in Assam
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মৰাণ/মাজুলী, ৭ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । সংস্কাৰৰ নামত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা আহিছে যদিও প্ৰতিবাদক লৈ গুৰুত্ব নাই চৰকাৰৰ । ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান শাখাত ইংৰাজী ভাষা ব্যৱহাৰৰ বিৰোধীতাৰে আজি অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সোণাৰিত আছুই প্ৰতিবাদ সাব্য়স্ত কৰে । জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি আগত লৈ অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সোণাৰিত চৰাইদেউ জিলা ছাত্ৰ সন্থাই ১৩ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

চৰাইদেউ জিলা ছাত্ৰ সন্থাই পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনশন কাৰ্যসূচীৰে অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতা উপস্থিত থকা পৰিলক্ষিত হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাজুলী জিলা ছাত্ৰ সন্থাই আজি অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত ৰূপায়ণ কৰিছে ১৩ ঘন্টীয়া অনশন কাৰ্যসূচী । অসম চৰকাৰে চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান পাঠ্যক্রমত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত শিক্ষাদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰোধীতাৰে মাজুলী জিলা ছাত্ৰ সন্থাই কমলাবাৰী মাজমজিয়াত মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ এই অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে । আজিৰ এই প্ৰতিবাদত মাজুলীৰ প্ৰায় শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:মাধ্যম বিতৰ্ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ ১৩ ঘন্টীয়া অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.