মৰাণত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 8:59 PM IST

thumbnail

ডিব্ৰুগড়, 29 জানুৱাৰী : চৰকাৰে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি চৰ্ত সাপেক্ষ নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা পাচতেই প্ৰতিবাদত নামিছে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক । টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত আজি মৰাণত 8 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত খোৱাং শিক্ষাখণ্ড সমিতিৰ উদ্যোগত মৰাণৰ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত আজি ৪ বজালৈকে ৰূপায়ণ কৰা এই কাৰ্যসূচীত বহু শিক্ষকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আৰোপ কৰা চৰ্তসমূহ কোনো কাৰণতে মানি ল'ব নোৱৰি বুলি উল্লেখ কৰে । লগতে শিক্ষক সমাজে নিয়মীয়া হাৰত দৰমহা লাভ কৰা দিনটোৰ পৰাই কাৰ্যকৰী হোৱাকৈ সম্পূৰ্ণ জ্যেষ্ঠতাৰ ভিত্তিত বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

উল্লেখ্য যে, টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজে চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদি এই বিষয়ত শিক্ষা বিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । আজিৰ প্ৰতিবাদৰ পাচত শিক্ষা বিভাগে কেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : মৰাণ বিহুনাচেৰে অভিলেখ সৃষ্টি ৫ হাজাৰ গৰাকী মৰাণ গাভৰুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.