মৰাণ বিহুনাচেৰে অভিলেখ সৃষ্টি ৫ হাজাৰ গৰাকী মৰাণ গাভৰুৰ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 8:01 PM IST

thumbnail

তিনিচুকীয়া, ২৯ জানুৱাৰী : অসমীয়া সমাজৰ এটা প্ৰাচীন আৰু শক্তিশালী জনগোষ্ঠী হ’ল মৰাণ জনগোষ্ঠী ৷ এই জনগোষ্ঠীৰ আছে এক সুকীয়া বৈশিষ্ট্য ৷ সাজপাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰীতি-নীতিও কিছু কিছু ক্ষেত্ৰত বেলেগ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এই অন্যতম মৰাণ জনগোষ্ঠীৰ সুকীয়া কলা-কৃষ্টি সদায়ে মানুহক আকৰ্ষণ কৰি আহিছে ৷ 

এই মৰাণ জনগোষ্ঠীৰ সুকীয়া কলাকৃষ্টিক প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে মাকুম নাহৰণিৰ বালিজান খেলপথাৰত মৰাণ জনগোষ্ঠীৰ কেউটা দল-সংগঠনৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় "মৰাণ মহোৎসৱ" ৷ এই মহোৎসৱত জনগোষ্ঠীটোৰ বিভিন্ন কলা-কৃষ্টি, সংস্কৃতি, সম্পদসমূহ প্ৰদৰ্শন কৰাৰ লগতে ৫ হাজাৰকৈ মৰাণ গাভৰুৱে মৰাণ বিহু নাচি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে একপ্ৰকাৰে অভিলেখেই সৃষ্টি কৰে ৷ এই মৰাণ বিহু নাচিবলৈ অনুুষ্ঠানস্থলীলৈ আগমন ঘটে জিলাখনৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজ ।

লগতে পঢ়ক : মৰাণত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ দাবীত আছুৰ অৱৰোধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.