মৰাণত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ দাবীত আছুৰ অৱৰোধ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 6:07 PM IST

thumbnail

মৰাণ, ২৯ জানুৱাৰী : নিৰ্মীয়মান চাৰিলেনযুক্ত ঘাইপথে জলাকলা খুৱাইছে পথচাৰীক । ৰাষ্ট্ৰীয় ঘাইপথটো শীঘ্ৰে নিৰ্মাণৰ দাবীত আজি মৰাণত চাৰিখনকৈ জিলা ক্ৰমে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মৰাণৰ খটখটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চাৰিখন জিলাৰ সহস্ৰাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু NHIDCLৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

প্ৰতিবাদকাৰীসকলে আধা ঘণ্টা ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰখাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । শীঘ্ৰে ঘাইপথটো সম্পূৰ্ণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে আছু নেতৃত্বই । এই প্ৰতিবাদী কাৰ্যসূচীত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে । পিচত মাহমৰা আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত আছু কৰ্মীসকলে অৱৰোধ কাৰ্যসূচী প্ৰত্য়াহাৰ কৰে ।

লগতে পঢ়ক:নিৰ্মাণ শ্ৰমিক কল্যাণ আইন অনুসৰি প্ৰাপ্য অধিকাৰৰ দাবীক লৈ বিক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.