শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিক্ষয়িত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 3:04 PM IST

thumbnail

দুলীয়াজান,২১ ফেব্ৰুৱাৰী: পৰিবহণ বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতেই দুলীয়াজানত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুলীয়াজান-নাহৰকটীয়া সংযোগী পথৰ দিহিং দলঙৰ সমীপত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী শিক্ষয়িত্ৰী । নিহত শিক্ষয়িত্ৰীগৰাকীৰ নাম ডেইজী বকলীয়াল শইকীয়া । নিহত মহিলাগৰাকীৰ ঘৰ নামৰূপত বুলি জানিব পৰা গৈছে ।  নাহৰকটীয়াত বসবাস কৰা শিক্ষয়িত্ৰীগৰাকীয়ে নাহৰকটীয়াৰ পৰা দুলীয়াজানৰ দিশে নিজৰ AS-01-BV-0457 নম্বৰৰ স্কুটীখনৰে আহি থকা অৱস্থাত এখন অচিনাক্ত ট্ৰাকে মহটিয়াই নিয়ে । ঘটনাটোত থিতাতে নিহত হয় শিক্ষয়িত্ৰীগৰাকী। নিহত শিক্ষয়িত্ৰী গৰাকী দুলীয়াজান ৫৬ নং মেৰবিল চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় AMCH লৈ প্ৰেৰণ কৰে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।  লগতে পঢ়ক: বিহাৰৰ লক্ষীচৰাইত পথ দুৰ্ঘটনা নিহত ৯, গুৰুতৰভাবে আহত ৬ জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.