ছাত্ৰীক অশালীন প্ৰস্তাৱ দি পলাতক শিক্ষক

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:52 AM IST

thumbnail

বকো, 31 জানুৱাৰী : পুনৰ শিক্ষকৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষকে ৷ বকোৰ বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এগৰাকী শিক্ষকে নৱম শ্ৰেণীৰ ছাত্ৰীক অশালীন ইংগিত দিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয় । ছাত্ৰীগৰাকীক শিক্ষকে দিয়া অশালীন প্ৰস্তাৱৰ এটা অডিঅ’ ভাইৰেল হোৱাৰ পিচতে ছাত্ৰীগৰাকীৰ অভিভাৱক, স্থানীয় লোকৰ লগতে স্থানীয় সংগঠনৰ নেতাসকলে জাঙুৰ খাই উঠিছে ৷ সহকাৰী শিক্ষক প্ৰফুল্ল চন্দ্ৰ দাসৰ (60) বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় কেইবাটাও সংগঠনৰ একাংশ কৰ্মী-সমৰ্থক এই ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে । 

আনহাতে এই ঘটনাৰ পিচতে অভিযুক্ত শিক্ষক প্ৰফুল্ল চন্দ্ৰ দাসে পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: লখিমপুৰৰ ঘূণাসুঁতিত পানী বিচাৰি ৰাইজৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.