ETV Bharat / state

লখিমপুৰৰ ঘূণাসুঁতিত পানী বিচাৰি ৰাইজৰ ধৰ্ণা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:58 PM IST

Protest for electricity in Lakhimpur : দেশত চলিছে অমৃত কাল । পিছে বহু অঞ্চলৰ ৰাইজে অমৃত কালত পান কৰিছে গড়ল । চৰকাৰী একো সা-সুবিধাই ঢুকি পোৱা নাই বহু অঞ্চল ।

Protest for electricity in Lakhimpur
অমৃত কালৰ গড়ল
অমৃত কালৰ গড়ল

লখিমপুৰ, ৩০ জানুৱাৰী: অমৃত কালৰ গড়ল । পানীও নাই, বিদ্যুতো নাই । ডিজেলেৰে চাকি জ্বলাই পঢ়িছে ছাত্র- ছাত্রীয়ে । চৰকাৰীভাৱে দেশত অমৃত কালৰ জয়গান গোৱা হৈছে । ৰাজ্যত চলিছে বিকশিত অসমৰ শ্লোগান । চৌদিশে ৰৈ বৈ যোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰাত ব্যস্ত জন প্ৰতিনিধি । পিছে বাস্তৱত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে । গ্ৰামাঞ্চলৰ বহু অঞ্চলত আজিও নাই বিদ্যুৎ সেৱা । নাই খোৱা পানীৰ যোগান ব্যৱস্থা । সেয়েহে বিদ্যুৎ,খোৱা পানী বিচাৰি পথলৈ ওলাব লগীয়া হৈছে গঞা ৰাইজ ।

লখিমপুৰৰ ঘূণাসুতিত তেনে এক বাস্তব ছবি প্ৰকাশ পাইছে । কিছু কিছু অঞ্চলত বিদ্যুৎ,পানী যোগান ব্যৱস্থা আৰম্ভ হৈছে যদিও কেতবোৰ অঞ্চল ন্য়ুনতম সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে । বিদ্যুৎ নোহোৱাৰ সমানে কেৰাচিনো নাই । ডিজেল ক্ৰয় কৰি তাৰেই চাকি জ্বলাই পঢ়িবলগীয়া হৈছে ছাত্র-ছাত্রীয়ে । জল জীৱন আঁচনিয়ে ঢুকি নোপোৱাৰ বাবে অ'ৰ ত'ৰ পৰা খোৱা পানী সংগ্রহ কৰিব লগীয়া হৈছে ৰাইজে । যাৰ বাবে মঙলবাৰে ঘূণাসুতিত এনে সেৱা নোপোৱাৰ বাবে প্ৰতিবাদ কৰে ৰাইজে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰাইজে তেওঁলোকৰ সন্তানে চাকিৰ পোহৰত নিশা কিতাপ পঢ়িবলৈ অসুবিধাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে । ঘূণাসুতিৰ ১নং জামুগুৰি গাঁৱৰ প্ৰায় ৮টা পৰিয়ালেৰে আগুৰা এটা এলেকাত বিদ্যুৎ সংযোগ কৰি বিজুলী বাতি প্ৰদান নকৰাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল গাঁৱৰ ৰাইজে ।

গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে‌ বিজুলীবাতি প্ৰদান কৰিবলৈ দাবী জনাইছে । ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনোৱাৰ পাছতো কোনো গুৰুত্ব দিয়া নাই । এলেকাটোৰ ৰাইজে পথলৈ ওলাই তেওঁলোকক এনেদৰে বঞ্চনা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে অচিৰেই এলেকাটোত বিদ্যুৎ, পানী যোগান আদিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো: বিদ্যুৎ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.