ETV Bharat / state

প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো: বিদ্যুৎ শইকীয়া

KMSS Leader Bidyut Saikia: "চৰকাৰে আমাৰ মুখ বন্ধ কৰিবলৈ বিচাৰিছে ৷ চৰকাৰৰ কোনো কথাই আমি নলওঁ ৷ আমি আদালতত বিশ্বাস কৰো ৷ আমাৰ বক্তব্যক উচটনিমূলক বুলি কোৱা হৈছে , কোনোবা মীনা, সিং আৰু সিংহলে যদি অসমীয়া ল’ৰাক এনকাউণ্টাৰ কৰে তেন্তে আমি মাত মাতিমেই ৷" এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শ‌ইকীয়াৰ ৷

KMSS Leader Bidyut Saikia
প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো- বিদ্যুৎ শইকীয়া
author img

By ETV Bharat Assamese Team

Published : January 29, 2024 at 7:46 PM IST

2 Min Read
Choose ETV Bharat
প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো- বিদ্যুৎ শইকীয়া

গোলাঘাট, 29 জানুৱাৰী : "মোক কৈছে যে মই এখন চুক্তিত চহী কৰিব লাগে যে, মই এবছৰৰ কাৰণে ক’তো প্ৰতিমূৰ্তি দাহ কৰিব নোৱাৰিম, কোনো সভাত মই ভাগ ল’ব নোৱাৰিম, কোনোধৰণৰ মই বক্তব্য ৰাখিম নোৱাৰিম আৰু কোনোধৰণৰ ৰেলীত অংশগ্ৰহণ কৰিব নোৱাৰিম ৷ কিন্তু মই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সন্মুখতে চুক্তিত চহী নকৰো বুলি অস্বীকাৰ কৰিছো ৷ প্ৰয়োজনত মৃত্যুবৰণ কৰিম কিন্তু চুক্তিত চহী নকৰো" ৷ এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শ‌ইকীয়াৰ ৷

কৃষক নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কণ্ঠ ৰোধ কৰিবলৈ ৰজাঘৰে যিমানেই যত্ন নকৰক কিয়, কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে ৷

"চৰকাৰে আমাৰ মুখ বন্ধ কৰিবলৈ বিচাৰিছে ৷ চৰকাৰৰ কোনো কথাই আমি নলওঁ ৷ আমি আদালতত বিশ্বাস কৰো ৷ আমাৰ বক্তব্যক উচটনিমূলক বুলি কোৱা হৈছে , কোনোবা মীনা, সিং আৰু সিংহলে যদি অসমীয়া ল’ৰাক এনকাউণ্টাৰ কৰে তেন্তে আমি মাত মাতিমেই ৷" শইকীয়াই লগতে কয় ৷

সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া, পিন্টু গগৈ, ৰূপম শইকীয়া, অৰিন্দম তামুলী, আৰু হিৰক জ্যোতি শইকীয়াক গোলাঘাট জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতত নেতাকেইজনৰ হৈ অধিবক্তা ৰিতুপল্লৱ শ‌ইকীয়াই প্ৰায় 15 পৃষ্ঠাযোৰা অভিযোগৰ লিখিত উত্তৰ দাখিল কৰে । আদালতে পৰৱৰ্তী দিন ধাৰ্য কৰিছে।‌

দেওবাৰে অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ছোৱাত অনাকাংক্ষিত প্ৰতিবাদৰ আশংকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক যোৱা 22 জানুৱাৰীত নিশাই আটক কৰে ৷ ইয়াৰ পাচতেই নিশাই মুকলি কৰি দিয়া হয় কৃষক নেতাজনক ।

লগতে পঢ়ক: জাতিৰ প্ৰতাৰক দীপাংক কুমাৰ নাথ :আছু